ETV Bharat / state

ৰূপহীহাটৰ ভূমি বিবাদত নিহত এজন

ঘৰৰ খুটাপুটাক লৈ ৰূপহীহাটত দুটা পৰিয়ালৰ মাজত সৃষ্টি হয় তুমুল সংঘৰ্ষ ৷ কোঁচৰগাঁৱৰ দুয়োটা পৰিয়ালৰ মাজত হোৱা সংঘাটে চৰমসীমা অতিক্ৰম কৰি অৱশেষত মাৰপিটৰ ৰূপ লয় ৷ আছমত আলী আৰু ছামছুল হকৰ পৰিয়ালৰ মাজত হোৱা সংঘৰ্ষত ছামছুল হকৰ মৃত্যু হয় ৷

ৰূপহীহাটৰ ভূমি বিবাদত নিহত এজন
ৰূপহীহাটৰ ভূমি বিবাদত নিহত এজন
author img

By

Published : May 30, 2021, 5:53 PM IST

ৰূপহীহাট, 30 মে': ৰূপহীহাটত ভূমিক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত সৃষ্টি হয় তুমুল সংঘৰ্ষ ৷ ঘৰৰ খুটাপুটাক লৈ পৰিয়াল দুটাৰ মাজত প্ৰথমে বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ ৰূপহীহাটৰ কোঁচৰগাঁৱৰ দুয়োটা পৰিয়ালৰ মাজতৰ সংঘাতে চৰমসীমা অতিক্ৰম কৰে ৷

ৰূপহীহাটৰ ভূমি বিবাদত নিহত এজন

অৱশেষত পৰিয়ালৰ মাজতে প্ৰচণ্ড মাৰপিটৰ সৃষ্টি হয় ৷ মাৰপিটত এজন লোক নিহত হোৱাৰ লগতে তিনি জনকৈ লোক গুৰুতৰ ভাবে আহত হয় ৷ আছমত আলী আৰু ছামছুল হকৰ পৰিয়ালৰ মাজত হোৱা সংঘৰ্ষত ছামছুল হকৰ মৃত্যু হয় ৷

উল্লেখ্য যে, ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু এই সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ছামছুল হকৰ পৰিয়ালে ৷ সম্প্ৰতি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ড্ৰাগছ কিনি ৰাইজৰ ৰোষত পৰিল এজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.