নগাঁও, 12 ছেপ্টেম্বৰ : যান বাহন আইন নমনা লোক সকলৰ ওপৰত কঠোৰ হৈ আইন ব্যৱস্থা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট তৎপৰতা প্ৰদৰ্শন কৰিছে ৰাজ্যৰ যান-বাহন আৰক্ষী সকলে ৷ কিন্তু, আইন অমান্য কৰাটো এতিয়া এচাম লোকৰ বাবে এক কথাত ফেশ্বন হৈ পৰিছে ৷ শেহতীয়াকৈ নগাঁৱৰ ৰাজপথত উদণ্ড যুৱকৰ হাতত পুনৰ অপদস্থ হ’ল যান-বাহন আৰক্ষী ৷
উল্লেখযোগ্য যে, শনিবাৰে সন্ধিয়া নগাঁও চহৰৰ মাজমজিয়াৰ এটা no parking স্থানত চাৰিচকীয়া এখন বাহন পাৰ্কিং কৰিব বিচাৰিছিল । কিন্তু কৰ্তব্য পালন কৰি থকা দীপক দাস নামৰ যান বাহন আৰক্ষী কনিষ্টবল এজনে বাধা দিয়ে যুৱকজনক । ইয়াকে লৈ যান বাহন আৰক্ষীৰ লোকজনৰ ওপৰত ক্ষুব্ধ হৈ পৰে যুৱকজন । জানিব পৰা মতে, no parking ৰ স্থানত পাৰ্কিং কৰিব বিচৰা যুৱকজনে যান বাহন আৰক্ষীক অশ্লীল গালি গালাজ কৰাৰ উপৰিও ভাবুকিও প্ৰদান কৰে ।
ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী থানাত যান-বাহন আৰক্ষী জোৱানজনে এজাহাৰ দাখিল কৰে । যান বাহন আৰক্ষীৰ এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অভিযুক্ত মৃদুপৱন লিগিৰাক নিশাই খুটিকটীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে । যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি দেওবাৰে প্ৰেৰণ কৰে জেল হাজোতলৈ ।
উল্লেখযোগ্য যে, মাত্ৰ কিছুদিন পূৰ্বে নগাঁও চহৰত সংঘটিত হৈছিল অনুৰূপ ধৰণৰ এক চাঞ্চল্যকৰ ঘটনা । কৰ্তব্যৰত নগাঁও আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ এগৰাকী আৰক্ষী জোৱানক চোঁচৰাই নিছিল দুই স্কুটী আৰোহীয়ে । নগাঁও চহৰৰ নগাঁও মহাবিদ্যালয়ৰ চ'কত হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা ৷
লগতে পঢ়ক : শান্ত হোৱা নাই অসম; পুনৰ ছমাহলৈ অশান্ত অঞ্চল ঘোষণা