ETV Bharat / state

Old age mother harrassed by son:ক’ত হেৰাইছে মানৱতা ? পুত্ৰৰ নিৰ্যাতনে অতিষ্ঠ কৰি তুলিছে ৰুগ্ন মাতৃৰ জীৱন

author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 12:11 PM IST

Updated : Oct 7, 2023, 12:21 PM IST

কিহক লৈ ইমান খোৱা-কামোৰা... জীৱশ্ৰেষ্ঠ আজি আৱেগহীন ভাৱে আগবাঢ়ি গৈছে জীৱনত সময়ৰ গতিত ৷ কেৱল মই মই কৈ জীৱনটো উপভোগ কৰাৰ নামত পিচত এৰি থৈ আহিছে আপোনজনকো ৷ 21 শতিকাৰ বৰ্তমানৰ ঘটনাবোৰলৈ চালে এইয়াই অনুমান হয় ৷ মানুহে সম্পূৰ্ণৰূপে পাহৰি পেলাইছে মানৱতা ৷

old age mother harrassed by son in raha
মাতৃক নিৰ্যাতন পুত্ৰৰ
মাতৃক নিৰ্যাতন পুত্ৰৰ

ৰহা, 7 অক্টোবৰ : ভাবি আচৰিত নালাগেনে ন মাহ দিন পেটত ৰাখি অযুত সপোন দেখি এই ধৰালৈ নমাই অনা সন্তানেই সেই জন্মদাত্ৰী পিতৃ-মাতৃকে অকথ্য অত্যাচাৰ কৰে ৷ এজন সুস্থ মানুহে কল্পনা কৰিব নোৱাৰা সীমা চেৰাই যোৱা নিৰ্যাতনৰ খবৰ আমি আজিকালি পঢ়িবলৈ পাওঁ ৷ অবিশ্বাস্য, যাৰ হাত খামুচি মাটিত আমাৰ প্ৰথম খোজ পৰে, যাৰ হাতত ধৰি ৰামধেনুৰ ৰঙেৰে আমি ৰঙীন জীৱনৰ বাট দেখো, তেওঁলোকেই এটা সময়ত আমাৰ বাবে হৈ পৰেগৈ বোজা ! অতি নিৰ্লজ্জ আজিৰ জীৱশ্ৰেষ্ঠ ৷

বৃদ্ধা আইৰ বিননি, ‘মোৰ পুত্ৰক ধৰি লৈ যাওক’, কথাষাৰ কওতে নিশ্চয়কৈ কোনোবাখিনিত তেওঁৰ চকু সেমেকি উঠিছে, কিন্ত উপায় নাই পুত্ৰৰ অত্যাচাৰত পুত্ৰস্নেহ পাহৰিবলৈ বাধ্য তেওঁ ৷ আৰক্ষীলৈ এইদৰে অনুৰোধ জনালে প্ৰাণৰ মমতাত ৷ ঘটনাৰ স্থান ৰহা । ৰুগীয়া মাতৃক চিকিৎসাৰ পৰিৱৰ্তে মাৰ-পিট কৰি ঘৰৰ পৰা উলিয়াই দিলে কুলাংগাৰ পুত্ৰই । পুত্ৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ৰুগ্ন বৃদ্ধাই অৱশেষত আশ্ৰয় লৈছে বিয়া দিয়া বৰ জীয়ৰীৰ ঘৰত । এই ঘটনা সংঘটিত হৈছে ৰহা চহৰৰ দেৱাগুৰিত ৷

৬৫ বছৰীয়া বিধবা বৃদ্ধাগৰাকীৰ নাম ভানু মেধি । এটি পুত্ৰ আৰু দুজনী জীয়ৰী । পুত্ৰৰ নাম কল্পতৰু মেধি । দুয়োজনী জীয়ৰীক বিয়া দিয়াৰ পিচত স্বাভাৱিকতেই বিধবা ভানু মেধি থাকে একমাত্ৰ পুত্ৰ ৪০ বছৰীয়া কল্পতৰুৰ লগত । কিন্তু অভিযোগ মতে, নিচাসক্ত পুত্ৰই সঘনেই মাতৃৰ ওপৰত চলাই আহিছে শাৰীৰিক আৰু মানসিক নিৰ্যাতন । পুত্ৰৰ অত্যাচাৰত থাকিব নোৱাৰি বাৰে বাৰে মাতৃ গুচি যায় ওচৰতে বিয়া দিয়া বৰ জীয়ৰীৰ ঘৰলৈ । শেহতীয়াকৈ বৃদ্ধাগৰাকী পুনৰ নিজ ঘৰলৈ উভতি আহে যদিও পুত্ৰই পুনৰ আৰম্ভ কৰে মাতৃৰ ওপৰত শাৰীৰিক নিৰ্যাতন ।

জানিব পৰা মতে, বৃদ্ধাগৰাকীৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ্কট ৰোগ । কিন্তু পুত্ৰই চিকিৎসা কৰোৱাৰ পৰিৱৰ্তে মাতৃৰ ওপৰত চলালে শাৰীৰিক অত্যাচাৰ, অকথ্য নিৰ্যাতন । উপায়ন্তৰ হৈ ভানু দাসে পুনৰ আশ্ৰয় লৈছেগৈ বৰ জীয়ৰী তথা জোঁৱাই ঘৰত । কিন্তু বৃদ্ধাগৰাকীৰ উপযুক্ত চিকিৎসাৰ বাবে আৰ্থিকভাৱে সমৰ্থ নহয় জী-জোঁৱাই । ভানু মেধিৰ বিশ্বাস ভাল চিকিৎসা কৰিলে আৰোগ্য হ’ব তেওঁ । পুত্ৰক দিয়া মাটি-সম্পত্তিৰ লগতে বৃদ্ধাগৰাকীৰ নামতো আছে কিছু মাটি । ভানু মেধিয়ে নিজৰ মাটি বিক্ৰী কৰি চিকিৎসাৰ খৰচ উলিয়াবলৈ বিচাৰে যদিও সেয়াও কৰিবলৈ নিদিয়ে কুলাংগাৰ পুত্ৰই । মাটি বিক্ৰী কৰিবলৈ গ’লেই খেদি আহে মাতৃ আৰু গ্ৰাহকক । ফলত বিনা চিকিৎসাই ৰুগ্ন দেহা লৈ এতিয়া জীয়ৰীৰ ঘৰত দিন কটাইছে বৃদ্ধা ভানু মেধিয়ে । নিজ পুত্ৰৰ এই অমানুষিক অত্যাচাৰৰ বিষয়ে ইতিমধ্যে বৃদ্ধাগৰাকীয়ে ৰহা আৰক্ষীক এজাহাৰ দিয়াৰ লগতে বিহিত ব্যৱস্থাৰ আহ্বান জনাইছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা ল’ব পৰা নাই ।

স্বাভাবিকতে প্ৰশ্ন হয়, কি হৈছে এইখন অসমত ! জন্ম দিয়াৰ পিচত অতি কষ্টেৰে ডাঙৰ-দীঘল কৰা সন্তানৰ দ্বাৰা কিয় বাৰে বাৰে অৱহেলিত পিতৃ-মাতৃ ? কিয় ৰাজ্যত বৃদ্ধি হৈছে এনে কৰুণ ঘটনা ? কিয় বাৰে বাৰে অৱহেলিত হ’বলগীয়া হৈছে জন্মদাত্ৰী মাতৃ ? কি ব্যৱস্থা আছে এনে কুলাংগাৰ সন্তানৰ বিৰুদ্ধে? আইন কঠোৰ হওক এনে কুলাংগাৰ সন্তানৰ বিৰুদ্ধে । এইয়াই সকলোৰে আহ্বান ।

লগতে পঢ়ক : Old Woman dead body recover update: দুই পুত্ৰ সন্তানৰ অৱহেলাৰ বাবে মৃত্যু মুখত পৰিল জন্মদাত্ৰী মাতৃ- স্থানীয় লোকৰ বিস্ফোৰক অভিযোগ

Last Updated : Oct 7, 2023, 12:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.