নগাঁও, 4 আগষ্টঃ নগাঁৱৰ এখন নাৰ্ছিং হোমত সংঘটিত হৈছে এক অশোভনীয় ঘটনা ৷ কৰ্তব্যৰত নাৰ্ছক মাৰপিট কৰি বীৰ হোৱাৰ চেষ্টা এজন চিকিৎসকৰ ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি,নগাঁও জিলাৰ অন্তৰ্গত কপিলী নাৰ্ছিং হোমত কৰ্মৰত এজন চিকিৎসক প্ৰদীপ শইকীয়া ৷ কিছুদিন পূৰ্বে মৰিগাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাই প্ৰদীপ শইকীয়াৰ ওচৰত স্বাস্থ্য পৰীক্ষা কৰিছিল ৷ কিন্তু সোমবাৰে সন্ধিয়া মহিলাগৰাকীয়ে নাৰ্ছিং হোমৰ অন্য এগৰাকী চিকিৎসক বিপুল বৰুৱাৰ দ্বাৰা প্ৰসৱ কৰাই ৷
এই বিষয়ে জানিবলৈ পায় টিঙিৰি তুলা হৈ পৰে চিকিৎসক প্ৰদীপ শইকীয়া ৷ লগে লগে উক্ত মহিলাগৰাকীৰ পৰিচিত নাৰ্ছিংহোমখনৰে এগৰাকী নাৰ্ছৰ ওপৰত খৰ্গহস্ত হৈ পৰে চিকিৎসকজন ৷ কৰ্তব্যৰত নাৰ্ছগৰাকীক দুব্যৱহাৰ কৰাৰ লগতে মাৰ-পিট কৰে চিকিৎসক প্ৰদীপ শইকীয়াই ৷ আনহাতে চিকিৎসজনৰ সকলো কাণ্ড ৰেকৰ্ড হয় নাৰ্ছিংহোমখনৰ চি চি কেমেৰাত ৷
লগতে পঢ়কঃ বিৰভূমৰ ইটিভি ভাৰতৰ সাংবাদিকৰ বিৰুদ্ধে ৰুজু তিনিটাকৈ গোচৰ
এতিয়া প্ৰশ্ন হয় কেৱল প্ৰসৱ কৰাৱ নোপোৱাৰ ফলতে এনেদৰে খৰ্গহস্ত হৈ পৰে নে চিকিৎসক প্ৰদীপ শইকীয়া ? নে ৰোগীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছে একাংশ চিকিৎসকে ? ইফালে মহিলাক প্ৰসৱ কৰোৱাক লৈ এগৰাকী চিকিৎসকে কৰা এনে গুণ্ডামিৰ বাবে সমগ্ৰ নগাঁৱতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।