ETV Bharat / state

Pranjal-Sarmistha marriage : অগ্নিসাক্ষীৰে জীৱন জৰী বান্ধিলে প্ৰাঞ্জল-শৰ্মিষ্ঠাই

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 11:35 AM IST

Updated : Sep 6, 2023, 7:16 PM IST

উদুলি-মুদুলি নগাঁৱৰ সোনাইপাৰৰ গৌৰীনাথ শিৱমন্দিৰ ৷ যুগ্ম জীৱনৰ পাতনি মেলিলে শৰ্মিষ্ঠা-প্ৰাঞ্জলে ৷ মঙলবাৰে সম্পন্ন হ’ল শৰ্মিষ্ঠা-প্ৰাঞ্জলৰ শুভবিবাহ ৷ আশীৰ্বাদ কৰিবলৈ আহিল বহুজন সুহৃদ ৷

Pranjal Sarmistha marriage
অগ্নিসাক্ষীৰে জীৱন জৰী বান্ধিলে প্ৰাঞ্জল-শৰ্মিষ্ঠাই

নগাঁও, 6 ছেপ্টেম্বৰ : উদুলি-মুদুলি নগাঁৱৰ সোনাইপাৰৰ গৌৰীনাথ শিৱমন্দিৰৰ চৌহদ ৷ কাৰণ এখন বিশেষ বিয়াক লৈ উৎসৱ মুখৰ পৰিৱেশ ৷ মাংগলিক ৰীতি- নীতিৰে ঐতিহ্যমণ্ডিত সোনাইপাৰৰ গৌৰীনাথ শিৱমন্দিৰত মঙলবাৰৰ পৰা যুগ্ম জীৱনৰ পাতনি মেলিলে দুৰন্ত প্ৰেমিক-প্ৰেমিকাই । মঙলবাৰে এক অনন্য প্ৰেমক স্বীকৃতি দি সামাজিক তথা ধৰ্মীয় ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হ'ল প্ৰতিভাশালী লেখিকা শৰ্মিষ্ঠা প্ৰীতম আৰু লেখক প্ৰাঞ্জল কুমাৰ মহন্তৰ । সেয়ে আয়তীৰ উৰুলি আৰু মাংগলিক ধ্বনিৰে মুখৰিত হৈ পৰে গৌৰীনাথ শিৱমন্দিৰ প্ৰাংগণ । শিল্পী, সাহিত্যিক, সাংবাদিক আৰু আত্মীয়ৰ উপস্থিতিত উখল-মাখল পৰিৱেশ ৷

আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰী তথা লেখক প্ৰাঞ্জল কুমাৰ মহন্তই নগাঁৱৰ চকলাঘাটৰ সোনাইপাৰৰ গৌৰীনাথ শিৱমন্দিৰক সাক্ষী কৰি সহধৰ্মিনী ৰূপে স্বীকৃতি দিলে প্ৰতিভাবান সু-লেখিকা শৰ্মিষ্ঠা প্ৰীতমক । মাংগলিক ৰীতি-নীতিৰে ঐতিহ্যমণ্ডিত সোনাইপাৰৰ গৌৰীনাথ শিৱমন্দিৰত মঙলবাৰৰ পৰা যুগ্ম জীৱনৰ পাতনি মেলিলে দুৰন্ত প্ৰেমিক-প্ৰেমিকাই । বহু চৰ্চিত শুভ বিবাহত উপস্থিত হ’ল গৌৰীনাথ শিৱমন্দিৰৰ ভকত বৈষ্ণৱৰ লগতে বহু বিশিষ্ট লেখক, সাংবাদিক ৷ যুগ যুগান্তৰলৈ জিলিকি থাক শৰ্মিষ্ঠা-প্ৰাঞ্জলৰ প্ৰেমৰ বান্ধোন তাৰে কামনা আৰু আৰ্শীবাদ প্ৰতিজন লোকৰ ৷

উল্লেখ্য যে, পখিলা খেদাৰ বয়সতে অসাৰ হৈ গৈছিল শৰ্মিষ্ঠাৰ ভৰি দুখন । এছ এম এ ৰোগত আক্ৰান্ত হৈ হেৰুৱাই পেলাইছিল শৈশৱৰ মাধুৰ্যতা । ফুলগুৰিৰ “শান্তি নিলয়”ৰ এটা কোঠাৰ এখন শেতেলীয়েই হৈ পৰিছিল জীৱন সংগী । কিন্তু সাহসী শৰ্মিষ্ঠাই যুঁজিলে, হুইল চেয়াৰ আৰু ঘৰৰ সেই শেতেলীখনতেই আৰম্ভ কৰিলে সংগ্ৰাম ।

হুইল চেয়াৰত বহিয়েই উচ্চ শিক্ষাৰ ডিগ্ৰী গ্ৰহণ কৰি তাই নিৰলসভাৱে কৰি গ’ল সাহিত্য চৰ্চা। কেইবাখনো গ্ৰন্থৰে সম্প্ৰতি অসমৰ বৌদ্ধিক তথা সাহিত্যক্ষেত্ৰ খনৰ এগৰাকী লেখত লবলগীয়া ব্যক্তি হৈ পৰিছে শৰ্মিষ্ঠা প্ৰীতম ৷ কেইবাখনো গ্ৰন্থ লিখি উলিওৱা শৰ্মিষ্ঠা প্ৰীতমে ইতিমধ্যে মুনীন বৰকটকী বঁটা, গিৰিন্দ্ৰনাথ গগৈ সোঁৱৰণী যুৱ সাহিত্যিক বঁটা, ৰাজ্য চৰকাৰৰ সাহিত্য বঁটা, গীতাঞ্জলি বৰুৱা মিলি সাহিত্য বঁটা, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় জলপানী, হোমেন বৰগোহাঞি সাহিত্য বঁটা আদিৰে সন্মানিতও হৈছে ৷

লগতে পঢ়ক:Forging documents at kampur: মৃত ব্যক্তিৰ মাটি জালিয়াতিৰে ক্ৰয় কৰি লক্ আপত সোমাল এজন

Last Updated : Sep 6, 2023, 7:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.