ETV Bharat / state

মাধৱদেৱৰ আবিৰ্ভাৱ তিথিত নিমাওমাও পৰিৱেশ পাটেকীবড়ি সত্ৰত - আলি পুখুৰী

বৃহস্পতিবাৰে শ্ৰী শ্ৰী মাধৱদেৱৰ পূণ্য আবিৰ্ভাৱ তিথিত শ্রীমন্ত শংকৰ দেৱৰ পৱিত্ৰ জন্মস্থান ঐতিহাসিক আলি পুখুৰী পাটেকীবড়ি সত্ৰত দেখা নগ’ল ভক্তৰ আনন্দ উছাহ ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবেই শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক জন্ম জয়ন্তীৰ দিনটোত ঐতিহাসিক সত্ৰখনত এইবেলি ভক্তৰ সমাগম নহ’ল ৷

no excitement for madhav devas birth anniversary
মাধৱদেৱৰ জন্ম জয়ন্তীত ভক্তৰ সমাগম নহ’ল ঐতিহাসিক পাটেকীবড়ি সত্ৰত
author img

By

Published : May 28, 2021, 10:46 AM IST

ধিং, 28 মে’: বৃহস্পতিবাৰৰ দিনটোত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক জন্মজয়ন্তী উপলক্ষে ৰাইজৰ মাজত এইবেলি প্ৰত্যেক বছৰৰ দৰে উচাহ দেখা নগ’ল । শ্ৰী শ্ৰী মাধৱদেৱৰ এই পূণ্য আবিৰ্ভাৱ তিথিত সত্ৰসমূহত পৰিলক্ষিত নহ’ল ভক্তৰ ভিৰ । ৰাজ্যৰ আন প্ৰান্ত সমূহৰ লগতে ঐতিহাসিক শ্রীশ্রী শংকৰ দেৱৰ পৱিত্ৰ জন্মস্থান আলি পুখুৰীৰ পাটেকীবড়ি সত্ৰতো এইবেলি নাই শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথিৰ উচাহ ৷ এক কথাত সত্ৰ খনত এক নিমাওমাও পৰিবেশ বিৰাজ কৰিলে বৃহস্পতিবাৰৰ দিনটোত ৷

মাধৱদেৱৰ জন্ম জয়ন্তীত ভক্তৰ সমাগম নহ’ল ঐতিহাসিক পাটেকীবড়ি সত্ৰত

উল্লেখ্য যে, কৰ’ণা মহামাৰীৰ বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবেলি মহাপুৰুষ জনাৰ আবিৰ্ভাৱ তিথিত অংশগ্ৰহণ কৰা নাই কোনো ভকতে । গুৰুজনাই প্ৰতিষ্ঠা কৰা এই ঐতিহাসিক সত্ৰখনত এইবেলি নাছিল পূৰ্বৰ উৎসাহ উদ্দীপনা । আনহাতে, ভকত নথকাত পুৱাৰে পৰা কেৱল তিনিজন ভকতেৰে নাম কীৰ্তন কৰিয়েই সামৰিব লগীয়া হ’ল এইবেলিৰ অনুষ্ঠান ৷

আনহাতে, সম্পূৰ্ণৰূপে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি অতি কম সময়ৰ ভিতৰতে শ্ৰী শ্ৰী মাধৱদেৱৰ এই পূণ্য আবিৰ্ভাৱ তিথি পালন কৰিলে পাটেকীবড়ি সত্ৰৰ এইসকল ভকতে ৷

লগতে পঢ়ক :খটখটীত ড্ৰাগছ আৰু নগধ ধন সহ গ্ৰেপ্তাৰ তিনি ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.