ETV Bharat / state

কংগ্ৰেছ-বিজেপিৰ ৰাজনৈতিক খেলৰ সামগ্ৰী হৈ ৰৈছে চামগুৰিৰ একাংশ দুৰ্ভগীয়া পৰিয়াল

author img

By

Published : Oct 7, 2020, 9:03 PM IST

ৰাজনৈতিক পাশা খেলত বন্দী চামগুৰিৰ কেইবাশতাধিক পৰিয়াল। কংগ্ৰেছ বিজেপিৰ অৰিয়া অৰিত এতিয়া অস্থায়ী আশ্ৰয় শিবিৰেই স্থায়ী ঠিকনা হৈ পৰিছে ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ পৰিয়ালকেইটাই । এসময়ত নিজৰ কৃষি ভূমিত কৃষি কাৰ্যৰে স্বচ্ছল জীৱন যাপন কৰা বহু লোক এতিয়া পৰিণত হৈছে দিন হাজিৰা কৰা শ্ৰমিকলৈ। কিয় দুখ দুৰ্দশা ভোগ কৰিবলগীয়া হৈছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টিৰ এই পৰিয়ালকেইটাই ? চাওক ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

no congress no bjp try to solve these peoples problem in Samaguri

নগাঁও, 7 অক্টোম্বৰ : বানত পৰি জীৱন বিপন্ন হোৱা একাংশ লোক৷ দহ বছৰে কটাইছে দুৰ্বিষহ জীৱন ৷ একালৰ মহাজন এতিয়া হাজিৰা শ্ৰমিক ৷ আধাপেটীকৈ পাৰ কৰিছে দিন ৷ থাকিবলৈ ঘৰ নথকাত মথাউৰিত ছালি দি গৰু-ছাগলীৰ সৈতে কৰিছে সহাৱস্থান ৷ এইসকল লোকৰ দুৰ্দৰ্শাৰ অন্যতম কাৰণ হ’ল ৰাজনীতি ৷ তেওঁলোকক লৈ খেলা হৈছে ৰাজনীতি খেল ৷ কংগ্ৰেছৰ মতে,তেওঁলোক বিজেপি আৰু বিজেপিৰ মতে,তেওঁলোক কংগ্ৰেছী বিধায়কৰ সমষ্টিৰ ৷ দুয়োটা দলেই আদৰি ল’ব নোখোজে এই ভাষিক সংখ্যালঘু সকলক ৷

কংগ্ৰেছ-বিজেপিৰ ৰাজনৈতিক খেলৰ সামগ্ৰী হৈ ৰৈছে চামগুৰিৰ একাংশ দুৰ্ভগীয়া পৰিয়াল

অসমৰ এটা গুৰুত্বপূৰ্ণ সমষ্টিৰ এইয়া বাস্তৱ কাহিনী ৷ কংগ্ৰেছৰ তিনিটাকৈ কাৰ্যকালত গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীত্ব লাভ কৰিছিল সমষ্টিটোৰ প্ৰতিনিধিগৰাকীয়ে ৷ এই সমষ্টিটো হ’ল 88 নং চামগুৰি সমষ্টি আৰু ইয়াৰ প্ৰতিনিধিত্ব কৰি আহিছে 2001 চনৰ পৰা বৰ্তমানলৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ এই চামগুৰি সমষ্টিৰে লাওখোৱাৰ ৩ নং ভূৰবন্ধাত দহ বছৰে নৰক যন্ত্ৰণাৰ মাজত দিন কটাব লগীয়া হৈছে শতাধিক ভাষিক সংখ্যালঘু পৰিয়ালে ৷ ৰাজ্যৰ আন ঠাইৰ লগতে বানে ধুই যায় চামগুৰি সমষ্টিৰো বহু অংশ ৷ বান আহে বান যায় ৷ বানৰ পৰা বাচিবলৈ মথাউৰিত উঠা মানুহবোৰ আকৌ নিজৰ ঠাইলৈ ঘূৰি যায় ৷ কিন্তু ব্যতিক্ৰম এইসকল লোক ৷ বছৰি বান আহিছে-গৈছে কিন্তু তেওঁলোক এই মথাউৰিতে আছে৷ এবছৰ-দুবছৰ নহয়,বিগত প্ৰায় দহটা বছৰ ৷

মথাউৰিত জীৱন যাপন দুৰ্ভগীয়াৰ

পূৰ্বতে একো একোজন চহকী কৃষক আছিল তেওঁলোক ৷ কিন্তু কালৰ কুটিল গতিত এতিয়া তেওঁলোকে অৱলম্বন কৰি ল’ব লগা হৈছে এই দুৰ্বিষহ জীৱন ৷ অঞ্চলটোৰ প্ৰায় গাতে লাগি থকা ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গ’ল এওঁলোকৰ বহুতৰে ভেটি-মাটি ৷ সেইসময়ত সমষ্টিটোৰ বিধায়ক ৰকিবুল হুছেইন আছিল চৰকাৰৰ প্ৰৱল প্ৰতাপী মন্ত্ৰী ৷ কিন্তু তেওঁ কোনো ব্যৱস্থা নকৰিলে এই ভাষিক সংখ্যালঘু লোক সকলৰ পুনঃ সংস্থাপনৰ ৷

ৰাজনীতিৰ মেৰ পেচ নুবুজা এই লোকসকলক লৈ কৰা হৈছে কুটিল ৰাজনীতি ৷ ভাষিক সংখ্যালঘু হোৱা হেতুকেই এইসকল লোকক কংগ্ৰেছৰ দিনত সজোৱা হৈছিল বিজেপি সমৰ্থক ৷ প্ৰদান কৰা নহ’ল কোনো চৰকাৰী সা-সুবিধা ৷ 2016 চনত কংগ্ৰেছৰ তিনিটা কাৰ্যকালৰ শাসনৰ অৱসান ঘটাই দিছপুৰৰ ৰাজপাটত উঠিল বিজেপি ৷ প্ৰতিশ্ৰুতি দিছিল পৰিৱৰ্তনৰ ৷ কিন্তু পৰিৱৰ্তন নহ’ল এইসকল লোকৰ জীৱন পৰিক্ৰমা ৷ কংগ্ৰেছে বিজেপি সমৰ্থক বুলি অৱহেলা কৰা এই ভাষিক সংখ্যালঘু লোকসকলক বিজেপি চৰকাৰেও নেদেখুৱালে সামান্যতমো সহানুভূতি ৷ ৰাজনীতিৰ নামত খেলৰ সামগ্ৰী হৈ থাকি ৰ’ল এই লোকসকল ৷

লগতে পঢ়ক : বিজেপিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ যুৱ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.