চামগুৰি, 4 ডিচেম্বৰ : ৰাজ্যৰ সৰ্বত্ৰে এতিয়া শ্ৰীকৃষ্ণৰ ৰাস উৎসৱক কেন্দ্ৰ কৰি উখলমাখল পৰিৱেশ । তদ্ৰুপ ধৰণৰে এই কেইটা দিনত ব্যস্ততা বৃদ্ধি পাইছে বিভিন্ন জন কলা-কৌশলীৰ তথা সৰু-বৰ সকলো শিল্পীৰে । এই ব্যস্ততাৰ মাজতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে সমূহ অসমবাসী ৰাইজে বিগত সময়চোৱাত পাৰ কৰি অহা অপায়-অমঙ্গল সমূহ দূৰ হ'বৰ বাবে ভক্তিগীতি পৰিবেশনৰে নগাঁৱৰ কঢ়ালী গাঁৱত প্ৰাৰ্থনা জনালে ভগৱানৰ ওচৰত ।
ৰাজ্যত অতিমাৰি ক'ৰণাই সৃষ্টি কৰা অস্থিৰতা দূৰ হৈ শীঘ্ৰে ৰাইজৰ মাজত স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ বাবে গীতৰ জৰিয়তে কণ্ঠশিল্পী গৰাকীয়ে নেদেখাজনৰ ওচৰত কাকুতি কৰিছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক । নগাঁৱৰ পুৰণিগুদামৰ নিকটৱৰ্ত্তী কঢ়ালী গাঁৱৰ এখন স্থায়ী ৰাজহুৱা মুকলি মঞ্চ উদ্ঘাটন কৰিবলৈ গাঁওখনত উপস্থিত হৈছিল অসমৰ জনপ্ৰিয় শিল্পী গৰাকী ।
উল্লেখ্য যে, প্ৰায় ৪ বছৰৰ পূৰ্বে গাঁওখনলৈ গীত পৰিৱেশন কৰিবলৈ আহি গাঁৱৰ পৰিৱেশ প্ৰত্যক্ষ কৰি মন্ত্ৰমুগ্ধ হোৱা নীল আকাশে তেতিয়াৰ পৰাই সঘনাই অহা-যোৱা কৰিবলৈ লৈছিল গাঁওখনলৈ ।
লগতে পঢ়ক: কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি : মুখ্যমন্ত্ৰী সোণোৱাল