ৰহা, ৪ জুন: "মই শহুৰ দেউতাৰ সাহস হৈ থাকিব বিচাৰো । দেউতা মোৰ সাহস আৰু মই দেউতাৰ সাহস । মোক তেওঁৰ লগতে থাকি তেওঁৰ পৰিচৰ্যা কৰিবলৈ অনুমতি দিয়ক" । এই আহ্বান ৰহাৰ ভাটিগাঁৱৰ বোৱাৰী নিহাৰিকা দাসৰ । কেইদিনমান পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল নিহাৰিকাৰ এটা ভিডিঅ' ।
ভিডিঅ'টোত দেখা গৈছিল যে, নিহাৰিকাই ক'ভিডত আক্ৰান্ত হোৱা শহুৰক পিঠিত উঠাই ক'ভিড কেয়াৰ কেন্দ্ৰলৈ যোৱা গাড়ীত তুলি দিছিল আৰু নিজেও শহুৰক থ'বলৈ কেন্দ্ৰটোলৈ গৈছিল । সেই সময়ত নিহাৰিকা কৰ'ণাত আক্ৰান্ত হোৱা নাছিল যদিও এতিয়া তেওঁৰ দেহতো কৰ'ণা ভাইৰাছৰ উপস্থিতি দেখা গৈছে ।
বৰ্তমান নিহাৰিকাৰ শহুৰেক থুলেশ্বৰ দাসৰ স্বাস্থ্যৰ অৱস্থা এতিয়া সংকটজনক । উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । কিন্তু নিহাৰিকা এতিয়াও নগাঁৱৰ ক'ভিড কেয়াৰ কেন্দ্ৰতে আছে । অকলে শহুৰেকক এৰি থাকিবলগীয়া হোৱাত বোৱাৰী নিহাৰিকা চিন্তিত হৈ পৰিছে ।
সেয়ে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত থাকি শহুৰেকক পৰিচৰ্যা কৰিব বিচাৰিছে নিহাৰিকাই । নিহাৰিকাই চৰকাৰক কাতৰ আহ্বান জনাইছে যাতে তেওঁক শহুৰেকৰ পৰিচৰ্যা কৰাৰ অনুমতি দিয়ে । শহুৰেক থুলেশ্বৰ দাস এতিয়া আই চি ইউত আছে । নিহাৰিকাই জেনেৰেল ৱাৰ্ডতে থাকি পিতৃ স্বৰূপ শহুৰেকক সাহস দিব বিচাৰিছে ।
লগতে পঢ়ক:এইবাৰো নহয় মা কামাখ্যা মন্দিৰৰ বিশ্বপ্ৰসিদ্ধ অম্বুবাচী মেলা