ETV Bharat / state

গোবিন ৰাজভৰৰ মৃত্যু : আঁচল পাতি ন্যায় ভিক্ষা পিতৃ-মাতৃৰ - শিলঘাট আৰক্ষী

গছত ওলমি থকা অৱস্থাত কলিয়াবৰৰ বিহডুবিত উদ্ধাৰ হৈছিল গোবিন ৰাজভৰৰ মৃতদেহ ৷ কিন্তু এই ঘটনাক এক হত্যাকাণ্ড বুলি অভিযোগ তুলি আৰক্ষীক এজাহাৰ দিছিল পৰিয়ালে ৷ আৰক্ষীয়ে তদন্তৰ গতি লেহেমীয়া কৰাত পিতৃ-মাতৃ সহ বিহডুবি গাঁৱৰ ৰাইজে মহকুমাপতি কাৰ্যালয়ত উপস্থিত হৈ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসক এই হত্যাকাণ্ডৰ তাৎক্ষণিক তদন্ত কৰিবলৈ আহ্বান জনায় ৷

koliabar Suspected Murder
যুৱকৰ ৰহস্যজনক মৃত্যু
author img

By

Published : Aug 17, 2021, 8:22 PM IST

কলিয়াবৰ, 17 আগষ্ট : পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি কলিয়াবৰত চকুলো টুকিছে এহাল পিতৃ-মাতৃয়ে ৷ মহকুমাধিপতিক কাতৰ আহ্বান তেওঁলোকৰ পুত্ৰৰ মৃত্যুৰ তদন্ত কৰিবলৈ ৷ কাৰণ স্বাভাৱিক ধৰণে মৃত্যু হোৱা নাছিল এই দুৰ্ভগীয়া পিতৃ-মাতৃ হালৰ পুত্ৰ গোবিন ৰাজভৰৰ ৷ এই ঘটনাক হত্যাকাণ্ড বুলি অভিযোগ তুলিছে গোবিনৰ পিতৃয়ে ৷

লগতে পঢ়ক : কেঁচা মৰাপাটৰ ৰচীত ওলমি আছিল গোবিনৰ মৃতদেহ

যোৱা ১২ আগষ্টৰ নিশা কলিয়াবৰৰ শিলঘাটৰ বিহডুবি গাঁৱত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা ৷ এখন সৰু কাজিয়াৰ পৰিণতি হৈ পৰিছিল অতি ভয়ংকৰ ৷ নৃপেন গগৈ নামৰ এজন সুৰাসক্ত লোকে কোনো কাৰণ নোহোৱাকৈয়ে গালি-গালাজ কৰিছিল বিহডুবি গাঁৱৰ গোবিনক ৷ তাৰ পাছত দুয়োৰে মাজত তৰ্কা-তৰ্কি, হতা-হতিৰ সৃষ্টি হয় যদিও কিছু মূহুৰ্তৰ ভিতৰতে সেয়া শাম কাটে ৷

যুৱকৰ ৰহস্যজনক মৃত্যু

কিন্তু, নিশা নৃপেন গগৈয়ে লগত প্ৰায় দহজন লোকক লৈ উপস্থিত হয় গোবিনৰ চোতালত ৷ সেইসময়ত মাক-দেউতাকৰ সৈতে ভাত খাই আছিল গোবিনে ৷ ভাতৰ পাতৰ পৰা চোঁচৰাই আনি গোবিনক উপৰ্যুপৰি প্ৰহাৰ কৰে দলটোৱে ৷ আনকি গোবিনৰ পিতৃ-মাতৃৰ কাতৰ আহ্বানতো থমকি নৰ’ল দলটো ৷ গোবিনৰ পৰিয়ালৰ আটাইকে ঘৰৰ ভিতৰত সুমুৱাই বাহিৰৰ পৰা বন্ধ কৰি দিয়া হ’ল দৰ্জা ৷

ভিতৰত পিতৃ-মাতৃ-ভগ্নীৰ হাহাকাৰ আৰু চোতালত বৰ্বৰ আক্ৰমণ সহিব নোৱাৰি দেদাউৰি পাৰিছিল গোবিনে ৷ কিছুপৰ পিচত সুৰাসক্ত যুৱকৰ দলটো গুচি গৈছিল সেই স্থানৰ পৰা ৷ কিন্তু ৰহস্যজনকভাৱে নোহোৱা হৈ পৰিছিল গোবিনো ৷ কিবাকৈ দুৱাৰ খুলি বাহিৰলৈ আহি গোবিনক বিচাৰি হাহাকাৰ কৰিছিল পৰিয়ালৰ লোকে ৷ কিন্তু গোবিনক বিচাৰি নাপালে ৷

লগতে পঢ়ক: APSC কেলেংকাৰী : পুনৰ পাঁচগৰাকী বিষয়ালৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ

শুকুৰবাৰে ৰাতিপুৱাল ৷ ঘৰ কাষৰে এজোপা গছত ওলমি আছিল গোবিন ৷ কেঁচা মৰাপাতৰ বাকলিৰে প্ৰস্তুত কৰা এডাল ৰচীত ফাঁচি লাগি আছিল গোবিন ৷ কথাবোৰ কাৰো বিশ্বাস হোৱা নাছিল ৷ গোবিনৰ ভায়েকে ক’লে, দাদাক সিহঁতেই মাৰি ওলোমাই থ’লে ৷ কিন্তু সেয়া কোনেও স্বচক্ষে দেখা নাছিল ৷

আৰক্ষী আহি নমাই আনিলে গোবিনৰ নিথৰ শৰীৰটো ৷ লৈ যোৱা হ’ল মৰণোত্তৰ পৰীক্ষাৰ বাবে ৷ কিন্তু গোবিনৰ কেনেকৈ মৃত্যু হ’ল, সেই কথা ৰহস্য হৈয়েই থাকিল ৷ পৰিয়ালৰ মতে এয়া হত্যাকাণ্ড ৷ ইতিমধ্যে গোচৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷ কিন্তু এজাহাৰ দাখিল কৰাৰ পাচতো ঘটনাটোৰ সন্দৰ্ভত কোনো তদন্ত নকৰাকৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে ৷

কলিয়াবৰ ভোজপুৰী সমাজৰ নেতৃত্বত মৃতকৰ পিতৃ-মাতৃ সহ বিহডুবি গাঁৱৰ ৰাইজে মহকুমাপতি কাৰ্যালয়ত উপস্থিত হৈ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসক এই হত্যাকাণ্ডৰ তাৎক্ষণিক তদন্ত কৰিবলৈ আহ্বান জনায় ৷ ইয়াৰ লগতে দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাই বিহডুবি গাঁৱৰ ৰাইজে ৷

ইফালে স্থানীয় লোকৰ অভিযোগ অনুসৰি, সমগ্ৰ ঘটনা সন্দৰ্ভত মিলা-মিচা কৰিবলৈ ভুক্তভোগী পৰিয়ালটোক প্ৰলোভন দি আহিছে একাংশ লোকে ৷ এনে পৰিপেক্ষিততে গোবিন ৰাজভৰৰ হত্যাকাণ্ডৰ তদন্ত বিচাৰি কলিয়াবৰ মহকুমাপতি কাৰ্যালয় উপস্থিত হয় পিতৃ-মাতৃ সহ বিহডুবি গাঁৱৰ ৰাইজ ৷

লগতে পঢ়ক: চাপৰত বৃহৎ পৰিমাণৰ ক'ফ চিৰাপ সহ তিনি সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.