ETV Bharat / state

নগাঁৱৰ পৰা চেন্নাইলৈ পোনপটীয়া ৰে'ল সেৱা মুকলি - Rajen Gohain

নগাঁৱবাসীৰ বাবে সু খবৰ। আৰম্ভ হ'ল শিলঘাটৰ পৰা চেন্নাইলৈ নতুন ৰেল। শুক্ৰবাৰে নগাঁৱত নতুন ৰেলখনৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰাজ্যিক ৰে'ল মন্ত্ৰী ৰাজেন গোহাঁইয়ে। পৰৱৰ্তী সময়ত নগাঁৱৰ পৰা দিল্লী, মুম্বাইলৈও চলিব পোনপটীয়া ৰেল।

নগাঁৱৰ পৰা চেন্নাইলৈ পোনপটীয়া ৰেল সেৱা মুকলি
author img

By

Published : Feb 22, 2019, 3:02 PM IST

শুকুৰবাৰে শিলঘাটৰ পৰা চেন্নাইলৈ ৰাওনা হয় প্ৰথমখন ৰেল। নগাওঁ ষ্টেচনত কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁইয়ে শিলঘাট- তাম্বৰম ৰেলখন উঠি সেউজীয়া পতাকা উৰুৱাই আৰম্ভণি কৰে ৰেলখনৰ যাত্ৰা। নগাঁৱক দেশৰ সৈতে চিনাকি কৰাৰ উদ্দেশ্যে শিলঘাট চেন্নাইলৈ যোৱা ৰেলখন নগাওঁ এক্সপ্ৰেছ নামেৰে নামাকৰণ কৰাৰ কথা উল্লেখ কৰে ৰাজেন গোহাঁইয়ে। শিলঘাট ষ্টেচনৰ পৰা পৰৱৰ্তী সময়ত দিল্লী আৰু মুম্বাইলৈও আৰম্ভ কৰা হ'ব ৰেল সেৱা।

নগাঁৱৰ পৰা চেন্নাইলৈ পোনপটীয়া ৰেল সেৱা মুকলি

শুকুৰবাৰে শিলঘাটৰ পৰা চেন্নাইলৈ ৰাওনা হয় প্ৰথমখন ৰেল। নগাওঁ ষ্টেচনত কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁইয়ে শিলঘাট- তাম্বৰম ৰেলখন উঠি সেউজীয়া পতাকা উৰুৱাই আৰম্ভণি কৰে ৰেলখনৰ যাত্ৰা। নগাঁৱক দেশৰ সৈতে চিনাকি কৰাৰ উদ্দেশ্যে শিলঘাট চেন্নাইলৈ যোৱা ৰেলখন নগাওঁ এক্সপ্ৰেছ নামেৰে নামাকৰণ কৰাৰ কথা উল্লেখ কৰে ৰাজেন গোহাঁইয়ে। শিলঘাট ষ্টেচনৰ পৰা পৰৱৰ্তী সময়ত দিল্লী আৰু মুম্বাইলৈও আৰম্ভ কৰা হ'ব ৰেল সেৱা।

Intro:নগাওঁবাসীৰ বাবে সু খবৰ। আৰম্ভ হ'ল শিলঘাটৰ পৰা চেন্নাইলৈ নতুন ৰেল। শুক্ৰবাৰে নগাঁৱত নতুন ৰেলখনৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে। পৰৱৰ্তী সময়ত নগাঁৱৰ পৰা দিল্লী, মুম্বাইলৈ চলিব পোনপটীয়া ৰেল। লোকসভা নিৰ্বাচনৰ প্ৰাকমহুৰ্তত দূৰণিবটিয়া ৰেলেৰে চমক সৃষ্টি কৰিব বিচাৰিছে নেকি ৰাজেন গোহাঁইয়ে, চাওক এই প্ৰতিবেদন।


Body:সেউজীয়া পতাকা উৰুৱাই দীঘলীয়া উকি মাৰি শিলঘাটৰ পৰা চেন্নাইলৈ ৰাওনা প্ৰথমখন ৰেল। নগাওঁ ষ্টেচনত ৰেলখনৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইয়ে। শুক্ৰবাৰে পুৱাই নগাওঁ ষ্টেচনত ৰাইজৰ উচ্ছুকতা। তাৰ মাজতে ষ্টেচনত উপস্থিত শিলঘাট- তাম্বৰম ৰেলখন। ৰেলত উঠি সেউজীয়া পতাকা উৰুৱাই ৰেলখনৰ যাত্ৰা আৰম্ভণি কৰে ৰাজেন গোহাঁইয়ে। নগাঁৱক দেশৰ সৈতে চিনাকি কৰাৰ উদ্দেশ্যে শিলঘাট চেন্নাইলৈ যোৱা ৰেলখন নগাওঁ এক্সপ্ৰেছ নামেৰে নামাকৰণ কৰাৰ কথা উল্লেখ কৰে ৰাজেন গোহাঁইয়ে।
bite. ৰাজেন গোহাঁই।

vo. কেৱল শিলঘাট চেন্নাইয়েই নহয় শিলঘাটৰ পৰা দিল্লী আৰু মুম্বাইলৈও চলিব আৰু দুখন ৰেল। শিলঘাট ষ্টেচনত ইতিমধ্যেই আৰম্ভ কৰা চিকলাইনৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতেই আৰম্ভ হব দিল্লী আৰু মুম্বাইলৈ ৰেল চলাচল।
bite.

vo. ইপিনে নগাওঁ, মৰিগাঁও, হোজাই ,কামপুৰ আদি কেবাটাও স্থানত নিৰ্মাণ হব উৰণীয়া সেতু। শুক্ৰবাৰে নতুন ৰেল শুভাৰম্ভ কৰি আয়োজন কৰা এক সংবাদ মেলত মন্ত্ৰী ৰাজেন গোহাঁইৰ মুখতেই ওলাল নগাওঁ লোকসভা সমষ্টিৰ ৰাইজৰ সুবিধাৰ্থে উৰণীয়া সেতু নিৰ্মাণৰ কথা। লোকসভা নিৰ্বাচনৰ প্ৰকমহুৰ্তত মন্ত্ৰীগৰাকীৰ মুখত কেৱল নগাওঁ লোকসভা সমষ্টিৰ প্ৰসংগ উল্লেখ কৰা বিষয়টোৱেও বহন কৰিছে তাৎপৰ্য।
bite.

vo. নতুন ৰেলৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক ৰূপক শৰ্মাই পূৰ্বৰ চৰকাৰে কেৱল ৰাজনীতি কৰাৰ বিপৰীতে বৰ্তমানৰ চৰকাৰে উন্নয়নত গুৰুত্ব দিয়া বুলি উল্লেখ কৰি ৰাজেন গোহাঁইক পুনৰ সাংসদ, মন্ত্ৰী পাতিব লাগিব বুলি মন্তব্য কৰে।
bite. ৰূপক শৰ্মাৰ ভাষণ।


Conclusion:অৱশ্যে শিলঘাট কলিকতালৈ এখন ৰেলৰ শুভাৰম্ভ কৰাৰ পিছত কম দিনৰ ভিতৰতে শিলঘাট চেন্নাই ৰেল আৰম্ভ কৰাত ৰাজেন গোহাঁইক ধন্যবাদ জ্ঞাপন কৰিছে নগাঁৱৰ ৰাইজে।
bite. ৰাইজৰ।
-----------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম।
২২-২-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.