ETV Bharat / state

নগাঁৱত যোগদান কৰিয়েই জনসেৱা আৰম্ভ আনন্দ মিশ্ৰৰ - হেণ্ডিমেন

নিজৰ কৰ্মদক্ষতাৰ বাবেই ধুবুৰীত আৰক্ষীৰ প্ৰতি থকা সাধাৰণ লোকৰ ধাৰণা সলনি কৰিবলৈ সক্ষম হোৱা গৰাকী আৰক্ষী বিষয়া ইতিমধ্যে জনপ্ৰিয় হৈ পৰিছে চ’ছিয়েল মিডিয়াত । ধুবুৰীৰ পৰা বদলি হৈ নগাঁৱত যোগদান কৰিবলৈ অহাৰ সময়ত একাংশই অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছিল এইগৰাকী আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ ।

নগাঁৱত যোগদান কৰিয়েই জনসেৱা আৰম্ভ আনন্দ মিশ্রৰ

author img

By

Published : May 18, 2021, 7:17 PM IST

Updated : May 18, 2021, 8:25 PM IST

নগাঁও,18 মে’: যোগদান কৰিয়েই জনসেৱা আৰম্ভ কৰিলে নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। নিজৰ কৰ্মদক্ষতাৰ বাবেই জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰা আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ প্ৰথমটো দিন নগাঁৱত ।

নিজ কৰ্মদক্ষতাৰ বাবেই ধুৰবুৰীত আৰক্ষীৰ প্ৰতি থকা সাধাৰণ লোকৰ ধাৰণা সলনি কৰিবলৈ সক্ষম হোৱা এইগৰাকী আৰক্ষী বিষয়া ইতিমধ্যে জনপ্ৰিয় হৈ পৰিছে চ’ছিয়েল মিডিয়াত । ধুবুৰীৰ পৰা বদলি হৈ নগাঁৱত যোগদান কৰিবলৈ অহাৰ সময়ত একাংশই অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছিল এইগৰাকী আৰক্ষী বিষয়া আনন্দ মিশ্ৰক ।

মঙলবাৰে পুৱাই নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰে এইগৰাকী আইপিএছ বিষয়া আনন্দ মিশ্ৰই। যোগদান কৰিয়েই নগাঁৱত আৰম্ভ কৰিলে জনসেৱা । মঙলবাৰে দুপৰীয়া হঠাৎ বিষয়াগৰাকী উপস্থিত হয় নগাঁও চহৰৰ লক্ষীনগৰৰ এটা বাছ ষ্টেণ্ডত । নগাঁৱৰ লক্ষিনগৰৰ মহাবীৰ নামৰ এই বাছ আস্থানৰ পৰাই কেৰালালৈ যাত্ৰী কঢ়িয়াই কেইবাখনো বাছে ।

নগাঁৱত যোগদান কৰিয়েই জনসেৱা আৰম্ভ আনন্দ মিশ্রৰ

কেইদিনমান পূৰ্বে কেৰেলাৰ পৰা যাত্ৰী লৈ নগাৱঁত উপস্থিত হোৱা ৫০ খনৰো অধিক বাছ ইতিমধ্যেই ক’ভিড পৰিস্থিতিৰ বাবেই আৱদ্ধ হৈ পৰে নগাঁৱত । বিগত প্ৰায় ২০ দিন ধৰি এই বাছ আস্থানতে থকা কেৰালাৰ চালক, হেণ্ডিমেনসহ বাছ কেইখন আৱদ্ধ হৈ পৰাত এক জটিল সমস্যাৰ সন্মুখীন হৈছে চালক আৰু হেণ্ডিমেনসকলৰ লগতে কেৰালাত থকা এওঁলোকৰ পৰিয়াল ।

অৱশ্যে বছকেইখনৰ চালক আৰু হেণ্ডিমেনক বাছ আস্থানৰ লোকে কিছু খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বহিঃৰাজ্যৰ প্ৰায় ৯৪ জনকৈ শ্ৰমিক আৱদ্ধ হৈ পৰাৰ খবৰ লাভ কৰি নগাঁৱত যোগদান কৰাৰ প্ৰথম দিনাই এই সকলক লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।

দুপৰীয়া বাছ আস্থানত নিজে উপস্থিত হৈ চালক হেণ্ডিমেনসকলৰ পৰা প্ৰথমে বুজ ললে আৰক্ষী অধীক্ষক গৰাকীয়ে। আৱদ্ধ বাছ চালক আৰু হেণ্ডিমেনক সকলো প্ৰকাৰৰ সুবিধা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰি কেৰেলালৈ যোৱাৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে।

কেৱল এয়াই নহয় জিলাখনৰ আন কোনো স্থানতো যদি বহিঃৰাজ্যৰ কোনো বাহন আৱদ্ধ হৈ আছে তেন্তে নগাঁও আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। নগাঁও আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ।

লগতে পঢ়কঃ মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ

Last Updated : May 18, 2021, 8:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.