ETV Bharat / state

"কা" আন্দোলনে জন্ম দিলে প্ৰথমটো ৰাজনৈতিক দল "অসম গণ মঞ্চ' - New regional political party formed

আছুৰ নেতৃত্বত ৰাজনৈতিক দল গঠনৰ কুচকাৱাজৰ মাজতে গঠন নতুন আঞ্চলিক ৰাজনৈতিক দল ৷ গঠিত হোৱা নতুন ৰাজনৈতিক দল 'অসম গণ মঞ্চ'ই ২০২১ ৰ বিধানসভা নিৰ্বাচনত ১২৬ টা সমষ্টিতে দিব প্ৰাৰ্থী ।

New regional political party formed in Assam
"কা" আন্দোলনে জন্ম দিলে প্ৰথমটো ৰাজনৈতিক দল "অসম গণ মঞ্চ'
author img

By

Published : Jan 22, 2020, 6:33 PM IST

নগাঁও,22 জানুৱাৰী: গণতন্ত্ৰত চৰকাৰ বিৰোধী বৃহৎ বা দীৰ্ঘ আন্দোলন বা বিদ্ৰোহে সদায় নতুন এটা ৰাজনৈতিক দলৰ জন্ম দিয়ে নতুবা বিচ্চিন্নতাবাদী সংগঠনৰ ৷ পূৰ্বতে অসমত চলা দীৰ্ঘম্যাদী অসম আন্দোলনৰ পাছতে সৃষ্টি হৈছিল অসমৰ প্ৰথমটো ৰাজনৈতিক দল 'অসম গণ পৰিষদ'ৰ লগতে স্বাধীন অসমৰ সপোন লৈ গঠন হৈছিল অসমৰ বিচ্চিন্নতাবাদী সংগঠন 'সংযুক্ত মুক্তি বাহিনী অসম' চমুকৈ 'আলফা'ৰ ৷ বৰ্তমানেও ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা তীব্ৰ আন্দোলনৰ মাজতে কুচকাৱাজ আৰম্ভ হৈছে ছাত্ৰ সন্থাৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠনৰ । তেনে সময়তে হঠাৎ জন্ম হ'ল আন এটা আঞ্চলিক ৰাজনৈতিক দলৰ । মঙলবাৰে এক সভা অনুষ্ঠিত কৰাৰ পিছত নগাওঁ প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি নতুন ৰাজনৈতিক দল ঘোষণা কৰে নৱগঠিত দলটোৰ নেতৃত্বই । ঘোষণা কৰা 'অসম গণ মঞ্চ' নামৰ নতুন আঞ্চলিক দলটোৰ ইতিমধ্যে গঠন কৰা হৈছে আহ্বায়ক কমিটি ।

"কা" আন্দোলনে জন্ম দিলে প্ৰথমটো ৰাজনৈতিক দল "অসম গণ মঞ্চ'

লগতে পঢ়ক:উচ্চমত ন্যায়ালয়ত CAAৰ শুনানি সম্পন্নঃ অসম আৰু ত্ৰিপুৰাৰ ক্ষেত্ৰত পৃথককৈ হ'ব শুনানি

উল্লেখ্য যে, ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজনৈতিক দল গঠনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰাৰ বাবেই 'অসম গণ মঞ্চ' নামৰ নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কথা উল্লেখ কৰে আহ্বায়ক সমিটিৰ মূখ্য আহ্বায়ক হিমাংশু কুমাৰ দত্তই । তেখেতে ২০২১ ৰ বিধানসভা নিৰ্বাচনত ১২৬ টা সমষ্টিতে 'অসম গণ মঞ্চ'ই প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰে ৷ লগতে অসমত কংগ্ৰেছ, বিজেপি, অগপ তিনিওটা দল বিফল হোৱা বুলিও সংবাদ মেলত মন্তব্য কৰে মুখ্য আহ্বায়কগৰাকীয়ে ।

লগতে পঢ়ক:শ্ৰেণীবৰ্জনৰে CAAৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ

Intro:আছু ৰ নেতৃত্বত ৰাজনৈতিক দল গঠনৰ কুচকাৱাজৰ মাজতে গঠন নতুন আঞ্চলিক ৰাজনৈতিক দল। ২০২১ ৰ বিধানসভা নিৰ্বাচনত ১২৬ টা সমষ্টিতে দিব প্ৰাৰ্থী।

Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি থকা তীব্ৰ আন্দোলনৰ মাজতে কুচকাৱাজ আৰম্ভ হৈছে ছাত্ৰ সন্থাৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠনৰ। তেনে সময়তে হঠাৎ জন্ম হল আন এটা আঞ্চলিক ৰাজনৈতিক দলৰ। মঙলবাৰে এক সভা অনুষ্ঠিত কৰাৰ পিছত নগাওঁ প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি নতুন ৰাজনৈতিক দল ঘোষণা কৰে নৱগঠিত দলটোৰ নেতৃত্বই। অসম গণ মঞ্চ নামৰ নতুন দলটোৰ ইতিমধ্যে গঠন কৰা হৈছে আহ্বায়ক কমিটি। ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজনৈতিক দল গঠনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰাৰ বাবেই অসম গণ মঞ্চ নামৰ নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কথা উল্লেখ কৰে আহ্বায়ক কমিটিৰ মূখ্য আহ্বায়ক হিমাংশু কুমাৰ দত্তই। অসমত কংগ্ৰেছ, বিজেপি, অগপ তিনিওটা দল বিফল হোৱা বুলিও সংবাদ মেলত মন্তব্য কৰে মূখ্য আহ্বায়কগৰাকীয়ে।
bite-

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.