ETV Bharat / state

এতিয়াৰ পৰা মিছ কলেৰে সদস্যভৰ্তি হ’ব পাৰিব অগপত - সাংগঠনিক সম্পাদক

ন-সাজেৰে অসম গণ পৰিষদ । নতুন বৰ্ষত নতুন উদ্যমেৰে ৰাইজৰ মন জয় কৰিবলৈ সাজু হৈছে অসম গণ পৰিষদ দল ৷ দেওবাৰৰ পৰা এটা মিছ কলৰ জৰিয়তেই যোগদান কৰিব পাৰিব অসম গণ পৰিষদত ৷

New Plan of AGP in New Year
মিছ কলেৰে সদস্যভৰ্তি অগপত
author img

By

Published : Jan 2, 2021, 9:18 PM IST

Updated : Jan 2, 2021, 10:40 PM IST

নগাঁও,2জানুৱাৰী: অগপ দলৰ সাংগঠনিক সম্পাদক তথা তথ্য প্ৰযুক্তি কোষৰ দায়িত্ববাহী যুৱ নেতা মণিমাধৱ মহন্তৰ নেতৃত্বত তথ্য-প্ৰযুক্তিৰ সহায়ত অগপৰ বিশেষ অভিযান । পয়ত্ৰিশ বছৰ অতিক্ৰম কৰা অসমৰ ৰাজনীতিৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল হৈছে অসম গণ পৰিষদ । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন সমষ্টিত ৰাজনৈতিক সভাৰ জৰিয়তে জনতাৰ দৃষ্টি আকৰ্ষণ কৰা অসম গণ পৰিষদে এই বৰ্ষত তথ্য-প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে জনসাধাৰণৰ কাষ চপাৰ সিদ্ধান্ত লৈছে । সেই উদ্দেশ্যৰে ৩ জানুৱাৰীৰ পৰা টিয়কত আনুষ্ঠানিকভাৱে 'মিছ কল'ৰ জৰিয়তে সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব দলটোৱে, য'ত উপস্থিত থাকিব দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলৰ নেতা-কৰ্মী ।

এতিয়াৰ পৰা মিছ কলেৰে সদস্যভৰ্তি হ’ব পাৰিব অগপত

তথ্য-প্ৰযুক্তিৰ জৰিয়তে দলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ইতিমধ্যে এটি সংস্থাৰ লগত চুক্তিবদ্ধ হৈছে বুলি জনালে দলৰ সাংগঠনিক সম্পাদক তথা তথ্য-প্ৰযুক্তি কোষৰ দায়িত্ববাহী যুৱ নেতা মণিমাধৱ মহন্তই । বিশেষকৈ সামাজিক মাধ্যমৰ জৰিয়তে যুৱ-প্ৰজন্মৰ মাজত জাতীয়তাবাদী দলটোক অধিক জনপ্ৰিয় কৰাৰ লক্ষ্য আগত ৰাখি সুস্থ বাৰ্তাৰে ৰাইজৰ কাষ চপাৰ পৰিকল্পনা ব্যক্ত কৰে মহন্তই ।

ইফালে, কিছু দিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত তথ্য প্ৰযুক্তিৰ এক কৰ্মশালাত অসম গণ পৰিষদৰ এটা ম'বাইল এপো মুকলি কৰা হৈছিল ।

অন্য এক খবৰৰ বাবে: অসম ৰাইফলছৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ক্ৰীড়া বিদ্যালয়

Last Updated : Jan 2, 2021, 10:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.