নগাঁও, 5 ফেব্ৰুৱাৰীঃ বুধবাৰে নগাঁও জিলাৰ দুই প্ৰান্তত উদ্ধাৰ দুটাকৈ নৱজাতকৰ মৃতদেহ ৷ বটদ্ৰৱাৰ পশ্চিম বৰগাঁও শ্মশানৰ পথৰ দাঁতিত পেলাই থোৱা অৱস্থাত উদ্ধাৰ সদ্যজাত নৱজাতকৰ মৃতদেহ ৷ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷
আনহাতে, নগাঁৱৰ পলাশনীতো উদ্ধাৰ হয় নৱজাতকৰ মৃতদেহ ৷ জাবৰৰ দৰে পেলাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ ৷ দুই তিনিদিন পূৰ্বে জন্ম হোৱা নৱজাতকক আৱর্জনাৰ দৰে দলঙৰ তলত পেলাই থৈ যায় ৷ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷
ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ আনহাতে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মোনাত ভৰাই লৈ যায় আৰক্ষীয়ে ৷ আৰক্ষীৰ এই কাণ্ডক লৈ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ এইদৰে আইনৰ ৰক্ষকৰ দ্বাৰা মানৱ অধিকাৰ লংঘন হোৱা ঘটনাৰ বাবে উচ্চস্তৰীয় প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷