ETV Bharat / state

কলংপাৰ বিদ্যাপীঠত স্বামী বিবেকানন্দৰ জয়ন্তীত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন - National Youth Day in Nagaon

National youth day : নগাঁৱৰ কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সভাগৃহত আজি অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় যুৱ দিৱস ৷ ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানত অধ্যক্ষ পদুম ৰাজখোৱাই নিজৰ ভাষণত যোগৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে ৷

National youth day
ৰাষ্ট্ৰীয় যুৱ দিৱস
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 10:34 PM IST

নগাঁও, 12 জানুৱাৰী : "স্বামী বিবেকানন্দ যুৱসমাজৰ প্ৰতিমূৰ্তি ৷ তেওঁৰ অগ্নিময় বাণীসমূহৰ অধিকাংশয়েই আছিল যুৱসমাজৰ কল্যাণৰ উদ্দেশ্যে ৷ তেওঁৰ বাণীৰ অমোঘ প্ৰভাৱতে প্ৰাক-স্বাধীনতা কালত দেশৰ যুবসমাজক মাতৃভূমিৰ শৃঙ্খল-মোচনৰ কাৰণে সৰ্বস্ব সমর্পণ কৰিবলৈ প্ৰেৰণা যোগাইছিল ৷" নগাঁৱৰ কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সভাগৃহত আজি স্বামী বিবেকানন্দৰ 161 সংখ্যক জন্মদিৱস উপলক্ষ্যে আয়োজিত ৰাষ্ট্ৰীয় যুৱ দিৱসৰ অনুষ্ঠানত এই মন্তব্য মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড৹ হেমাংগ শৰ্মাৰ ৷

National youth day
ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন

বিবেকানন্দ কেন্দ্ৰ, কন্যাকুমাৰীৰ অসম প্ৰান্ত নগাঁও শাখাৰ সৌজন্যত আৰু কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সহযোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ দিৱসত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি ড৹ শৰ্মাই স্বামী বিবেকানন্দৰ বৰ্ণিল জীৱনকৰ্মৰ বিষয়ে ব্যাখ্যা দাঙি ধৰি কয়- "স্বামী বিবেকানন্দই ভাৰতৰ সৰ্বস্তৰৰ বিকাশৰ সপোন দেখিছিল ৷ হয়তো সেই সপোনৰ আধাৰতে আজিৰ প্ৰধানমন্ত্ৰী মহোদয়ে সবকা সাথ সবকা বিকাশৰ সপোন দেখিছে ৷" বিবেকানন্দ কেন্দ্ৰ, নগাঁও আৰু শোণিতপুৰ জিলাৰ বিভাগ প্ৰমুখ অধিবক্তা মুকুল বৰঠাকুৰ, স্বপ্না দে’ , স্মৃতাশিখা ফুকন , নমিতা বৰঠাকুৰ, শিক্ষক বিজয় বসুমতাৰী, ফুনুমণি বৰা, ইন্দ্ৰমোহন বৰা, উৎপলা দাস, ৰশ্মিৰেখা কলিতা, মৃগাশ্ৰী বৰা, টিনামণি বৰঠাকুৰ, সুজাতা গোস্বামী আদি বহু বিশিষ্ট লোক উপস্থিত থাকে এই অনুষ্ঠানত ৷ অনুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱাই ত্ৰি-ওম ধ্বনিৰ মাজত স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৷

পুষ্পাঞ্জলি তৰ্পণ কৰে অধ্যাপক হেমাংগ শৰ্মা, শিক্ষক অতুলচন্দ্ৰ বৰুৱা আৰু প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া সুৰেন্দ্ৰমোহন গোস্বামীয়ে ৷ ৰাধাগোবিন্দ বৰুৱা উচ্চতৰ মাধ্যমিক‌ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সন্ধ্যা বৰুৱাই আঁত ধৰা অনুষ্ঠানত নগাঁও আৰু শোণিতপুৰ জিলাৰ বিভাগ সংগঠক স্মৃতা ভ্যাসে আদৰণি পৰ্ব সম্পন্ন কৰে ৷ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ৰজি ডেকাই অনুষ্ঠানৰ উদ্দেশ্য‌ ব্যাখ্যা কৰি কয়- " স্বামী বিবেকানন্দ মহান মণীষী আছিল , তেওঁ এক ভাৰত আৰু বিজয়ী ভাৰতৰ সপোন দেখিছিল ৷ তেওঁ কৈছিল যে যেতিয়ালৈকে দৰিদ্ৰৰ পেটৰ জুই নুনুমায়, তেতিয়ালৈকে মানুহে ধৰ্মৰ কথা কোনেও নাভাবে আৰু সেই কাৰণেই তেওঁ বিজয়ী ভাৰতৰ বাবে প্ৰয়াস কৰিছিল ৷"

ননৈ মহাবিদ্যালয়ৰ অধ্যাপক কবিতা দেৱী কোশ্ৰে‌, নগৰ প্ৰমুখ অধিবক্তা মল্লিকা শৰ্মা আৰু গৌৰী মহন্তই দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰা অনুষ্ঠানত অঞ্জনা গোস্বামীয়ে বিবেকানন্দ কেন্দ্ৰৰ জন্ম আৰু লক্ষ্য-উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰে ৷ সকলোৱে থিয় হৈ বিজয়ী ভাৰতৰ কাৰণে সংকল্প গ্ৰহণ কৰা অনুষ্ঠানত সেৱাব্ৰতীৰূপে মহাৰাষ্ট্ৰৰ পৰা অহা পৰিসংখ্যা বিষয়ৰ স্নাতকোত্তৰ সুকন্যা কুলকানীয়ে শান্তিশ্লোক পৰিৱেশন কৰে ৷ ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানত অধ্যক্ষ পদুম ৰাজখোৱাই নিজৰ ভাষণত যোগৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে ৷

লগতে পঢ়ক : স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.