নগাঁও,29 মাৰ্চ: গৌৰৱ গগৈৰ ভেটিত খহনীয়া । সহস্ৰাধিক কৰ্মী-সমৰ্থকক লগত লৈ অগপত যোগদান প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰভিনিহিয়েক নজৰুল ইছলামৰ ।
ৰূপহীহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈৰ ভেটি কঁপাই সহস্ৰাধিক কৰ্মীসহ অগপত যোগদান কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ভিনিহিয়েক নজৰুল ইছলামে । উল্লেখ্য যে,অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া নজৰুল ইছলাম দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ সৈতে জড়িত হৈ আছিল । বিগত লোকসভা নিৰ্বাচনত এইগৰাকী নজৰুল ইছলামৰ প্ৰচেষ্টাতেই ৰূপহীহাট সমষ্টিৰ পৰা বৃহৎ সংখ্যক ভোট লাভ কৰিছিল গৌৰৱ গগৈয়ে । কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কংগ্ৰেছৰ বিৰুদ্ধে ঠগ-প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰি অগপ দলত যোগদান কৰে নজৰুল ইছলামে । শুকুৰবাৰে ৰূপহীহাট সমষ্টিৰ জুৰীয়াত মন্ত্ৰী কেশৱ মহন্ত আৰু অগপ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে নজৰুল ইছলামে । কেৱল অগপই নহয়, একেদিনাই এ আই ইউ ডি এফৰ বহু নেতা-কৰ্মীয়েও আনুষ্ঠানিকভাৱে যোগদান কৰে অগপ দলত ।
প্ৰাক্তন আমছু নেতা তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা নজৰুল ইছলামৰ যোগদানে দলটোক অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই । আনহাতে,কলিয়াবৰত এ আই ইউ ডি এফে প্ৰাৰ্থী দিয়া নাই যদিও এ আই ইউ ডি এফৰ ভোট কংগ্ৰেছে নাপাই বুলিও মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই । ইপিনে অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতাৰণাৰ বাবে কলিয়াবৰৰ ৰাইজে এইবাৰ কংগ্ৰেছক অস্কাৰ দিব বুলি মন্তব্য কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তই ।