ETV Bharat / state

ল’ক ডাউনৰ আলমলৈ নগাঁৱত সুৰাৰ ব্যৱসায়ঃ জব্দ চুলাই - nagoan-police And Excise Department Seized-local-sulai etv bharat news assam

নগাঁৱত ল’ক ডাউনৰ মাজতে জব্দ সুৰা ৷ বিভিন্ন ঠাইত অভিযান চলাই আৱকাৰী বিভাগে জব্দ কৰে চুলাই মদ ৷ কৰ’ণাৰ বাবে আটক কৰা হোৱা নাই সুৰা ব্যৱসায়ীক ৷

nagoan police resque local sulai
ল’ক ডাউনৰ আলমলৈ নগাঁৱত সুৰাৰ ব্যৱসায় জব্দ চুলাই
author img

By

Published : Mar 31, 2020, 10:01 AM IST

নগাঁও 31 মাৰ্চ: সমগ্ৰ দেশ ল’ক ডাউন হৈ থাকিলেও যেন ল’ক ডাউন নহয় সুৰাৰ ক্ষেত্ৰত। ল’ক ডাউনৰ মাজতো কৌশলেৰে অব্যাহত ৰাখিছে দেশী বিদেশী সুৰাৰ ৰমৰমীয়া ব্যৱসায়। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছে নগাঁও আবকাৰী বিভাগ তথা আৰক্ষীয়ে। দেওবাৰে নগাঁৱৰ কঁঠিয়াতলি,পাথৰি আদি অঞ্চলত অভিযান চলোৱাৰ পিছত সোমবাৰে নিশা পৰ্যন্ত চলিল সুৰাবিৰোধী অভিযান। সোমবাৰে নিশা নগাঁৱৰ ডিমৰুগুৰিত অভিযান চলাই জব্দ কৰে লক্ষাধিক টকাৰ সুৰা।

ল’ক ডাউনৰ আলমলৈ নগাঁৱত সুৰাৰ ব্যৱসায় জব্দ চুলাই

ডিমৰুগুৰিৰ গোপাল দাস নামৰ লোকজনৰ ঘৰত অভিযান চলাই বক্স পালেঙৰ পৰা জব্দ কৰে লক্ষাধিক টকাৰ সুৰা। নিজ বাসগৃহতে সুৰা মজুত কৰি ব্যৱসায় চলাই অহাৰ অভিযোগ গোপাল দাসৰ বিৰুদ্ধে। নগাঁও আবকাৰী বিভাগে প্ৰতিদিনেই অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই,মদ জব্দ কৰি আহিছে যদিও কৰ'ণা ভাইৰাছে সৃষ্টি কৰা আতংকৰ বাবেই আটক কৰা নাই কোনো এজন লোকক।
লগতে পঢক :মানুহৰ দ্বাৰা, মানুহৰ বাবে....

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.