ETV Bharat / state

নগাঁৱত ন্যায়িক দণ্ডাধীশসহ পাঁচজনৰ দেহত কোভিড-19

author img

By

Published : Jul 2, 2020, 10:23 PM IST

দুজনকৈ ন্যায়িক দণ্ডাধীশ সহ পাঁচজনৰ দেহত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি। শুকুৰবাৰে প্ৰশাসনে ছেনিটাইজ কৰিব নগাঁৱৰ জিলা ন্যায়িক আদালত আৰু কাৰ্যালয় ৷

nagoan district court and office  two judge and three empoly found covid 19 positive
নগাঁৱত ন্যায়িক দণ্ডাধীশসহ পাঁচজনৰ দেহত কোভিড-19

নগাঁও,2জুলাইঃ নগাঁও জিলাত ন্যায়িক দণ্ডাধীশসহ পাঁচজনৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে । দুজনকৈ ন্যায়িক দণ্ডাধীশ সহ পাঁচজনৰ দেহত ধৰা পৰিছে কোভিড-19ৰ অবস্থিতি। দুই ন্যায়িক দণ্ডাধীশ ইকবাল আহমেদ আৰু চালেহ আহমেদ সহ কাৰ্যালয় সহায়ক নীলাভ নয়ন ডেকা, জাৰিকাৰক দিলদাৰ হুছেইন খান আৰু পিয়ন মৃন্ময় জ্যোতি বৰা আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ।

শুক্ৰবাৰে ছেনিটাইজ কৰিব নগাঁৱৰ জিলা ন্যায়িক আদালত আৰু কাৰ্যালয়। আক্ৰান্ত কেইগৰাকীৰ সংৰ্স্পশলৈ নগাঁৱৰ হুজ ৰঙাগড়াৰ এগৰাকী কিশোৰী অহাৰ সন্দেহ প্ৰকাশ কৰিছে নগাঁও জিলা উপায়ুক্তই । কিছুদিন পূৰ্বে অপহৃত কিশোৰীগৰাকীক উদ্ধাৰ কৰি হাজিৰ কৰোৱা হৈছিল নগাওঁ আদালতত।

ইপিনে অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ 8,955 গৰাকী ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 5,831 গৰাকী লোক ৷ আনহাতে ৰাজ্যখনত বৰ্তমানলৈকে 12 জন লোকৰ কোভিডত মৃত্যু হৈছে ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 3109 টা ঘটনা ৷ 1 জুলাইত ৰাজ্যখনত মুঠ 548 টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ৷

লগতে পঢ়কঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ দাবী লুৰিণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.