নগাঁও, 10 জুলাই: বুধবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হয় এক বিশেষ বৈঠক ৷ নগাঁও জিলাৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কাম-কাজ তদাৰক আৰু নিৰীক্ষণৰ উদ্দেশ্যে জিলা পৰ্যায়ৰ নিৰীক্ষণ আৰু তদাৰক সমিতিৰ বৈঠক অনুষ্ঠিত হয় ৷ বুধবাৰে বিয়লি জিলা আয়ুক্ত তথা ডি এল ভি এম চি (DLVMC)ৰ অধ্যক্ষ নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠকখন ৷
বৈঠকৰ আৰম্ভণিতে এফ চি এছ আৰু চি এৰ ভাৰপ্ৰাপ্ত এ ডি চি পি হ্ৰংচালে বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷ তেওঁ কয় পি ডি এছৰ অধীনত থকা সামগ্ৰীসমূহ যাতে প্ৰকৃত আৰ্তজনৰ ওচৰলৈ যায় তাৰ বাবে বিভাগৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে ৷ ইয়াৰ পিচত ডি ডি এছৰ এক চমু পি পি টি প্ৰস্তুত কৰা হয় ৷ ইয়াৰ দ্বাৰা সুলভ মূল্যৰ দোকান বা জি পি এছ এছত এজেণ্টৰ অনিয়ম, এন এফ এছ এ ১৩ৰ অধীনত নতুন হিতাধিকাৰী নিৰ্বাচন, কেৰাচিন তেল বিতৰণ আদি বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয় ।
নগাঁও জিলাৰ জিলা আয়ুক্ত তথা ডি এল ভি এম চিৰ অধ্যক্ষই সকলো সদস্যকে পি ডি এছৰ অধীনত আলোচনা কৰিবলগীয়া যিকোনো বিষয় সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিবলৈ আহ্বান জনায় ৷ যাতে প্ৰশাসনে উক্ত সমস্যাসমূহৰ সমাধানৰ বাবে ব্যৱহাৰিক সমাধান প্ৰণয়ন কৰিব পাৰে ।
সভাত নগাঁৱৰ বিধানসভা সমষ্টিৰ বিধায়কসকলৰ প্ৰতিনিধি ক্ৰমে নগাঁও, কামপুৰ, ধিং, ৰহা পৌৰসভাৰ সভাপতিসকল, নগাঁও জিলা পৰিষদৰ সভাপতিৰ লগতে বাজিয়াগাঁও, খাগৰিজান, ৰহা, জুৰিয়া, ৰূপহী, পাখিমুৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতিসকল, কলিয়াবৰৰ পৰা সহকাৰী আয়ুক্ত, জিলা পৰিষদৰ সদস্য, খাদ্য সুৰক্ষা বিষয়া, হয়বৰগাঁও ৰে’লৱে ষ্টেচনৰ ষ্টেচন অধীক্ষক আৰু এফ চি এছ এণ্ড চি এ আৰু এফ.চি.আইৰ অন্যান্য সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক: Congress VS BJP: হিমন্ত বিশ্ব শৰ্মা-জিতেন্দ্ৰ সিঙৰ বাকযুদ্ধক লৈ তৃণমূল কৰ্মীৰ প্ৰতিক্ৰিয়া