ETV Bharat / state

নগাঁৱত আৰক্ষীক আক্ৰমণ কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Sep 14, 2020, 8:52 PM IST

মৰিকলঙত ৰতন মুক্তিয়াৰ নামৰ আৰক্ষী কনিষ্টবলজনক আক্ৰমণ কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হয় জেল হাজোতলৈ ৷ মাস্ক পৰিধান কৰিবলৈ কোৱাৰ বাবেই একাংশ যুৱকে আৰক্ষী কনিষ্টবলজনক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল কনিষ্টবলজনে ৷

Two accused arrested for attacking police in Nagaon
নগাঁৱত আৰক্ষীক আক্ৰমণ কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ

নগাঁও,14ছেপ্টেম্বৰ : নগাঁৱৰ এগৰাকী আৰক্ষী কনিষ্টবলক আক্ৰমণ কৰাৰ অভিযোগত সোমবাৰে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷ নগাঁও আৰক্ষীয়ে অভিযুক্ত দুজনক প্ৰেৰণ কৰে জেল হাজোতলৈ ।

অন্য এক খবৰৰ বাবে: কোকৰাঝাৰত নিহত ক্ৰেইন চালক

ক'ভিড প্ৰট'কল অনুসৰি মাস্ক পৰিধান নকৰা একাংশ লোকক ৰাজহুৱা স্থানত যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল ৷ কিন্তু দেওবাৰে মৰিকলঙত ৰতন মুক্তিয়াৰ নামৰ আৰক্ষী কনিষ্টবলজনে মাস্ক পৰিধান কৰিবলৈ কোৱাৰ বাবেই কনিষ্টবলজনক প্ৰহাৰ কৰিছিল একাংশ যুৱকে ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষী কনিষ্টবলজনে দাখিল কৰিছিল এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই নগাঁও আৰক্ষীয়ে আজি অজিত সিং আৰু হৰেন শৰ্মা নামৰ অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰে আৰু জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.