ETV Bharat / state

নগাঁৱত ছাত্ৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি অব্যাহত প্ৰতিক্ৰিয়া

নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ দিগন্ত বৰাৰ চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাক লৈ নগাঁৱত বৰ্তমানেও অব্যাহত প্ৰতিবাদ ৷ বিদ্যালয়খনৰ স্বত্বাধিকাৰী তথা সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে ছাত্ৰগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ ৷

author img

By

Published : Feb 20, 2020, 5:06 PM IST

আজিও অব্যাহত প্ৰতিক্ৰিয়া
আজিও অব্যাহত প্ৰতিক্ৰিয়া

নগাঁও, 20 ফেব্ৰুৱাৰীঃ চিপ লোৱা অৱস্থাত বিদ্যালয়তে নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যালয়ৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়া অব্যাহত নগাঁৱত ৷ শনিবাৰে বিদ্যালয়ত পাঠদান চলি থকা সময়তে বিদ্যালয়খনৰ পঞ্চম মহলাত ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল দশম শ্ৰেণীৰ ছাত্ৰ দিগন্ত বৰাৰ মৃতদেহ ৷ বিদ্যালয়খনৰ স্বত্বাধিকাৰী তথা সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে ছাত্ৰগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি, শনিবাৰে উৰিয়াগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল স্থানীয় ৰাইজে ৷ ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবীত সোমবাৰে বিদ্যালয়ৰ সন্মুখতো সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷

ছাত্ৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি অব্যাহত প্ৰতিক্ৰিয়া

পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও, এই পৰ্যন্ত আটক হোৱা নাই অভিযুক্ত মুনীন্দ্ৰ শইকীয়া ৷ মেধাবী ছাত্ৰ দিগন্ত বৰাক হত্যাৰ অভিযোগ উত্থাপন কৰি মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদেও ৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত দুগৰাকীকৈ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা জড়িত থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়কঃ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আজি অসমলৈ অনা হ’ব ছাৰ্জীল ইমামক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.