নগাঁও, 26 ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ চাপানলাত বৃহত্তৰ অঞ্চলবাসীৰ বাবে আছে এখন ৰাজ্যিক চিকিৎসালয়, আছে এখন এম্বুলেঞ্চ ৷ কিন্তু চিকিৎসালয়ৰ চৌহদৰ এটা কোণত পৰি ৰৈছে ৰাইজৰ সেৱাৰ বাবে থকা এম্বুলেঞ্চখন ৷ বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত জহি খহি গৈছে এম্বুলেঞ্চখন ৷ যাৰ বাবে এতিয়া ৰোগীক আনিব লগীয়া হয় ঠেলাগাড়ীত ৷ জানিব পৰা মতে, স্থানীয় ৰাইজে বাৰম্বাৰ চৰকাৰক এই বিষয়ে অৱগত কৰিছে যদিও, চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহন কৰা নাই কোনো পদক্ষেপ ৷
লগতে পঢ়কঃ নিষিদ্ধ হোৱাৰ পাছতো লালি গুৰৰ অবাধ সৰবৰাহ