নগাঁও, 2 অক্টোবৰ : জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে নগাঁৱত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰি নগাঁৱত চাফাই কৰ্মীৰ ৰূপত অৱতীৰ্ণ হয় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । নগাঁৱৰ হয়বৰগাঁও মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত স্বচ্ছ ভাৰত অভিযানত বিধায়ক ৰূপক শৰ্মাই হাতত কোৰ, ঝাড়ু লৈ চাফাই কামত নিয়োজিত হয় ।
হয়বৰগাঁও বজাৰত থকা জাৱৰ পৰিষ্কাৰ কৰে বিধায়কগৰাকীয়ে। লগতে নগাঁও চহৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায় বিধায়কগৰাকীয়ে। জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰা বুলি উল্লেখ কৰি অন্যান্য প্ৰান্তৰ লগতে নগাঁও চহৰকো পৰিষ্কাৰ কৰি ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই।
ইয়াৰ লগতে, নগাঁও চহৰৰ জাৱৰ পেলোৱাৰ বাবে ডাম্পিং গ্ৰাউণ্ডক লৈ সৃষ্টি হোৱা সমস্যাও এতিয়া সমাধান হোৱাৰ পথত বুলিও মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই । স্বাভাৱিকতেই বিধায়ক গৰাকীৰ এই কাৰ্যত সমষ্টি বাসীৰ মাজতো উৎসাহজনক পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : সবৰমতী আশ্ৰম : গান্ধীজীৰ চিন্তাধাৰাৰ এক অমূল্য ফচল