ETV Bharat / state

চামগুৰি পাৱাৰ গ্ৰীড ষ্টেছন পৰদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Sep 22, 2020, 8:40 PM IST

চামগুৰি পাৱাৰ গ্ৰীড ষ্টেছন পৰদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ । পাৱাৰ গ্ৰীড ষ্টেচনত সংঘটিত অগ্নিকাণ্ডৰ ফলত বিগত ছয় দিন ধৰি বিদ্যুৎ সংকটত সমগ্ৰ নগাঁও ৷

নগাঁও, 22 ছেপ্তেম্বৰঃ নগাঁও জিলাৰ চামগুৰিস্থিত পাৱাৰ গ্ৰীড চাব-ষ্টেচনৰ পৰিদৰ্শন ভৱনত মঙ্গলবাৰে উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত । চামগুৰি, পুৰণিগুদামকে ধৰি বৃহত্তৰ নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ ৰাইজে বিগত ছয় দিন ধৰি ভোগ কৰি থকা চূড়ান্ত বিদ্যুৎ সংকতৰ সন্দৰ্ভত চামগুৰিৰ গেন্ধালি স্থিত ২২০ কেভি গ্ৰীড চাব-ষ্টেচনত পৰিদৰ্শন ভৱনটোত পাৱাৰ গ্ৰীড আৰু এ.পি.ডি.চি.এল.ৰ একাংশ বিদ্যুৎ বিষয়া কৰ্মচাৰীৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী ।

বিশ্বকৰ্মা পূজাৰ দিনাৰে পৰা ছয় দিন ধৰি নগাঁও জিলাত চলি থকা চূড়ান্ত বিদ্যুতৰ নাটনিৰ আঁৰত থকা প্ৰকৃত ঘটনাৰাজীৰ বুজ ল'বলৈ বিদ্যুৎ বিভাগৰ একাংশ বিষয়ববীয়াৰ সৈতে চামগুৰিস্থিত পাৱাৰ গ্ৰীড চাব ষ্টেচনত সংঘটিত অগ্নিকাণ্ডটোৰ ফলত ভষ্মীভূত পৰিত্যক্ত ট্ৰাঞ্চফৰ্মাৰটো তথা তাৰ মেৰামতিৰ কামৰ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে । পৰিদৰ্শনৰ অন্তত আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত বিদ্যুতৰ নাটনি বহু পৰিমাণে দূৰহৈ পূৰ্বৰ স্থিতি ঘূৰি অহাৰ আশ্বাস প্ৰদান কৰিলে মন্ত্ৰী গৰাকীয়ে

ইফালে গ্ৰীডৰ পৰা বিদ্যুৎ যোগান পোৱাৰ পিছতো পুৰণিগুদামকে আদি কৰি জিলা খনৰ বিভিন্ন অঞ্চলত ইচ্ছাকৃত ভাৱে বিদ্যুৎ কৰ্টন কৰি ৰখাৰ সততে অভিযোগ উত্থাপন হৈ অহাৰ সন্দৰ্ভত এ.পি.ডি.চি.এল.ৰ অধীনত কৰ্মৰত একাংশ অকামিলা বিষয়া-কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভতো বৈঠক খনত আলোচনা কৰিব বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

লগতে পঢকঃ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ

আনহাতে মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰা বৈঠক খনৰ সমীপতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ একাংশ নেতা-কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰাৰ লগতে সাব্যস্ত কৰিলে মৌন প্ৰতিবাদ । সংগঠনটোৰ নেতৃত্বই চৰকাৰে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি নিতৌ ২৪ ঘণ্টাৰ বাবে আগন্তুক ২৪ ঘণ্টা ভিতৰত পূৰ্বৰ দৰে বিদ্যুৎ যোগান ধৰিব নোৱাৰিলে অনাগত দিনত জংগী প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে সংবাদ মাধ্যমৰ সন্মুখত ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.