ETV Bharat / state

Fake currency making Machine seized: নগাঁৱত জব্দ জালনোট প্ৰস্তুত কৰা মেচিন; ড্ৰাগছসৰবৰাহকাৰীও আটক - জালনোট প্ৰস্তুত কৰে দুষ্টচক্ৰই

নগাঁৱৰ এটা গোপন স্থানত জালনোট প্ৰস্তুত কৰে দুষ্টচক্ৰই । জালনোট প্ৰস্তুত কৰা গোপন স্থানত এইবাৰ নগাঁও আৰক্ষীৰ অভিযান । অভিযানত জব্দ জালনোট প্ৰস্তুত কৰা মেচিন । লগতে আটক জালনোট প্ৰস্তুতৰ সৈতে জড়িত এজন লোক ।

Machine for making fake currency seized in Nagaon
জালনোট প্ৰস্তুত কৰা গোপন স্থানত নগাঁও আৰক্ষীৰ অভিযান
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 12:13 PM IST

জালনোট প্ৰস্তুত কৰা গোপন স্থানত নগাঁও আৰক্ষীৰ অভিযান

নগাঁও, 25 ছেপ্টেম্বৰ : নগাঁৱৰ এটা গোপন স্থানতে জালনোট প্ৰস্তুত কৰি সৰবৰাহ কৰি অহাৰ সন্দেহ এটা চক্ৰৰ বিৰুদ্ধে । এটা গোপন স্থানত জালনোট প্ৰস্তুত কৰাৰ খবৰ গোপন সূত্ৰে লাভ কৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে । এই গোপন খবৰৰ ভিত্তিতেই হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় থেপাজন কোটাৱনী অঞ্চলৰ জালনোট প্ৰস্তুত কৰা স্থানত ।

আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত লাভ কৰে সফলতাও । অভিযানত আৰক্ষীৰ দলটোৱে উক্ত স্থানৰ পৰা জালনোট প্ৰস্তুত কৰা মেচিন জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ দলটোৱে জালনোট প্ৰস্তুত কৰা মেচিন জব্দ কৰাৰ লগতে জালনোট প্ৰস্তুত আৰু সৰবৰাহৰ সৈতে জড়িত এজন লোকক আটক কৰিবলৈয়ো সক্ষম হয় ।

আটকাধীন লোকজনৰ নাম ইজাজুল হক বুলি জানিব পৰা গৈছে । দেওবাৰে বিয়লি আৰক্ষীয়ে ধৃত লোকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছে । মুঠৰ ওপৰত হয়বৰগাঁও আৰক্ষীৰ তৎপৰতাত উৎখাত হয় জালনোট প্ৰস্তুত কৰা এটা চক্ৰ ।

লগতে পঢ়ক : Drugs seized at Barpathar: তিনিচুকীয়া অভিমুখী নৈশ বাছৰ পৰা জব্দ লাখ টকাৰ হেৰʼইন, আটক মহিলা সৰবৰাহকাৰী

উল্লেখযোগ্য যে, দেওবাৰে নগাঁও আৰক্ষীয়ে দুটাকৈ কুখ্যাত ডকাইতক আটক কৰাৰ উপৰিও এটা ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় । দেওবাৰে নিশা নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক সদৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁৱৰ ৰাইদঙীয়াত অভিযান চলাই ইছমাইল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰে পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি চাৰিটাকৈ চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Decoit arrested with pistol: ধাবাত বহি ডকাইতিৰ পৰিকল্পনা কৰি থাকোতেই আটক দুই দুৰ্ধৰ্ষ ডকাইত শ্বৰিফুল-ছহিদুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.