নগাঁও, 11 জুলাই : উত্তৰ গুৱাহাটীৰ ক'ভিড হাস্পতালত চিকিৎসাধীন অসম আৰক্ষীৰ ১৬ নম্বৰ বেটেলিয়নৰ হাবিলদাৰ হৰেশ্বৰ নাথৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে নগাঁৱৰ শেনচোৱাৰ ঘৰখনত শোকাকুল পৰিবেশ সৃষ্টি হয় । ক'ভিড-১৯ ত আক্ৰান্ত হৈ আমিনগাঁৱৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে আৰক্ষী বেটেলিয়ানৰ জনৰ মৃত্যু হয় ৷ এই দুঃসংবাদ প্ৰচাৰৰ পাচতে শেনচোৱাৰ বাসগৃহত উপস্থিত হয় আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেন্ট অৰ্ণৱ ডেকাকে ধৰি অসম আৰক্ষীৰ কেইবাজনো উচ্চপদস্থ বিষয়া ।
জানিব পৰা মতে মতে ৫৩ বছৰীয়া হৰেশ্বৰ নাথৰ দেহত ক'ভিড -১৯ৰ কোনো চিন দেখা পোৱা নগৈছিল যদিও তেওঁ কোৱাৰেন্টাইনত আছিল। যোৱা ২৭ জুনত হৰেশ্বৰ নাথ শেনচোৱাৰ ঘৰৰ পৰা চাকৰিলৈ ঘূৰি গৈছিল বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : সেউজী ধৰণী গঢ়াৰ সপোনত বিভোৰ নলবাৰীৰ নেলচন মেণ্ডেলা