ETV Bharat / state

SI Question Paper Viral: প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ কি নতুন মূৰ উলিয়ালে নগাঁও আৰক্ষীয়ে ?

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগত(Assam Police SI paper leak) আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে দুজনকৈ পৰীক্ষাৰ্থীক ৷ আটকাধীন পৰীক্ষাৰ্থী দুগৰাকীক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষকে (Nagaon police on SI Question Paper Viral) ৷

SI Question Paper Viral
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ কি নতুন মূৰ উলিয়ালে নগাঁও আৰক্ষীয়ে?
author img

By

Published : Apr 26, 2022, 4:51 PM IST

Updated : Apr 26, 2022, 5:09 PM IST

নগাঁও, 26 এপ্ৰিল: যোৱা 24 এপ্ৰিলত কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্যত (Assam Police SI exam updates)। SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে ঘটনাত জড়িতৰ অভিযোগত দুজনকৈ লোকক আটক কৰিছে নগাঁও আৰক্ষীয়ে (SI exam question paper viral)।

সোমবাৰে নিশা নগাঁও আৰক্ষীয়ে মৰিগাঁও জিলাৰ মিকিৰভেটাৰ সোণমণি কোঁচ আৰু প্ৰাঞ্জল দেউৰী নামৰ দুজনকৈ লোকক আটক কৰে প্ৰশ্নকাকত ফাদিলত জড়িত থকাৰ অভিযোগত । আটক কৰা লোক দুজনক প্ৰশ্নকাকত(Assam Police SI exam paper) ফাদিল প্ৰসংগত মাৰাথান জেৰা চলায় নগাঁও আৰক্ষীয়ে । ধৃত লোক দুজনক জেৰাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলেয়ে ।

গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী কলেজ পৰীক্ষা কেন্দ্ৰত হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাতৱ (Assam Police SI exam) অৱতীৰ্ণ হৈছিল সোণমণি কোঁচ আৰু প্ৰাঞ্জল দেউৰী ।

প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ কি নতুন মূৰ উলিয়ালে নগাঁও আৰক্ষীয়ে?

পৰীক্ষাৰ অন্তত উত্তৰ বহী জমা দিয়াৰ পাছত নিৰীক্ষকে প্ৰশ্নকাকত জমা লোৱা নাছিল পৰীক্ষাৰ্থী সোণমণি কোঁচৰ পৰা । যাৰ বাবে প্ৰশ্নকাকত লগত লৈয়েই ঘৰমুৱা হৈছিল সোণমণি কোঁচ । ঘৰলৈ উভতাৰ পথত আন এগৰাকীয়ে সোণমণিৰ পৰা প্ৰশ্নকাকত লৈ মোবাইলত ফটো সংগ্ৰহ কৰাৰ পাছতে ভাইৰেল হৈ পৰে প্ৰশ্নকাকত । নগাঁও আৰক্ষীয়ে আটক কৰা দুজনকৈ লোকক জেৰাৰ অন্তত এই তথ্য সদৰি কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে (Nagaon police on SI Question Paper Viral)।

লগতে পঢ়ক: আলফাৰ ঘাটিত আৰক্ষীৰ চোৰাংচোৱা ! চাঞ্চল্যকৰ ভিডিঅ’ প্ৰকাশ

Last Updated : Apr 26, 2022, 5:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.