নগাঁও, 25 ছেপ্টেম্বৰ : অপৰাধীৰ বিৰুদ্ধে সষ্টম হৈ আছে নগাঁও আৰক্ষী । দেওবাৰে নিশা নগাঁও আৰক্ষীৰ তৎপৰতাৰ বাবেই এক ভয়ংকৰ ডকাইতিৰ পৰা ৰক্ষা পৰিল জিলাখন । ডকাইতিৰ পৰিকল্পনা কৰি থাকোতেই নগাঁও আৰক্ষীৰ জালত পৰে দুই কুখ্যাত ডকাইত ।
দেওবাৰে নিশা ৰূপহীহাটৰ কৰৈয়নীত থকা সোৱণশিৰি ডাবাত বহি ডকাইতিৰ পৰিকল্পনা কৰি আছিল দুই কুখ্যাত ডকাইতে । মাৰণাস্ত্ৰৰে সু সজ্জিত হৈ ডকাইতিৰ পৰিকল্পনা কৰি থাকোতেই এক গোপন সুত্ৰৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীয়ে খবৰ লাভ কৰে । উক্ত খবৰৰ ভিত্তিতেই ৰূপহীহাটৰ কৰৈয়নীৰ সোৱণশিৰি ডাবাত নিশাই চলিল নগাঁও আৰক্ষীৰ অভিযান ।
নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পার্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সোৱণশিৰি ডাবাত চলোৱা এই অভিযানত লাভ কৰে সফলতা । অভিযানত আৰক্ষীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয় দুটা দুধৰ্ষ ডকাইতক । ধৃত ডকাইত দুটাৰ পৰা এটা 7.65MM পিষ্টলসহ দুজাই সজীৱ গুলীও জব্দ কৰিবলৈ সক্ষম হয় ।
ধৃত ডকাইত দুটা নগাঁও চিলঙনীৰ শ্বৰিফুল ইছলাম আৰু ছহিদুল ইছলাম বুলি জানিব পৰা গৈছে । ইফালে দুয়ো অভিযুক্তকে আটক কৰি নিশাই নগাঁৱলৈ লৈ আনে নগাঁও আৰক্ষীয়ে । ধৃত ডকাইত দুটাক সম্প্ৰতি মাৰাথান জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।
সোমবাৰে অৰ্থাৎ আজি ডকাইত দুটাক নগাঁও আদালতত হাজিৰ কৰি নগাঁও আৰক্ষীয়ে পুনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে । নগাঁও আৰক্ষীৰ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য প্ৰদান কৰা নাই যদিও আৰক্ষীৰ এক বিশেষ সুত্ৰই জানিবলৈ দিয়ে এই তথ্য ৷
লগতে পঢ়ক : AIUDF on Rahul Gandis’ Comment : ৰাহুল গান্ধীয়ে কোনো নতুন কথা কোৱা নাই; এ আই ইউ ডি এফ