নগাঁও, 11 ডিচেম্বৰ : নগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে এক অভিযান চলাই চাইবাৰ অপৰাধত জড়িত গুৱাহাটীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যক্তিক আটক কৰে (nagaon police arrested cyber criminal of guwahati) ৷ নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ এটা দলে অভিযান চলাই গুৱাহাটীৰ ৰিহাবাৰীৰ পৰা ধ্ৰুৱজ্যোতি গোস্বামী নামৰ লোকজনক আটক কৰিবলৈ সক্ষম হয় (Cyber criminal Dhrubajyoti Goswami ) ৷
নগাঁৱৰ হয়বৰগাঁৱৰ এগৰাকী মহিলাৰ নামত এটা ভুৱা একাউণ্ট (Fake social media account) খুলি ছ’চিয়েল মিডিয়াত ধ্ৰুৱজ্যোতি গোস্বামীয়ে আপত্তিজনক ফটো আপলোড কৰিছিল ৷ এই বিষয়ে মহিলাগৰাকী অৱগত লগে লগেই ন্যায় বিচাৰি কাষ চাপে হয়বৰগাঁও আৰক্ষীৰ ৷
![cyber criminal dhrubajyoti goswami](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-01-11dec-cyber-crime-image-7203829_11122021122623_1112f_1639205783_317.jpg)
মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 1119/21 নম্বৰত এক গোচৰ ৰুজু কৰি আৰম্ভ কৰে অনুসন্ধান ৷ সেই অনুসন্ধানৰ ভিত্তিতেই হয়বৰগাঁও আৰক্ষী চকীৰ দলটোৱে অভিযান চলাই গুৱাহাটীৰ ৰিহাবাৰীৰ পৰা ধ্ৰুৱজ্যোতি গোস্বামীক আটক কৰে ৷
আটকাধীন ধ্ৰুৱজ্যোতি গোস্বামীয়ে এজাহাৰ দাখিল কৰা মহিলাগৰাকীৰ নামত ভুৱা একাউণ্ট খুলি চাইবাৰ অপৰাধত (cyber crime) জড়িত থকাৰ তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে ৷ সম্প্ৰতি নগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত ধ্ৰুৱজ্যোতি গোস্বামীক নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে ।
আৰক্ষীৰ অভিযানকাৰী দলটোৱে ধ্ৰুৱজ্যোতি গোস্বামীৰ মোবাইল ফোন, লেপটপ আদি জব্দ কৰি অব্যাহত ৰাখিছে অনুসন্ধান ৷ গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যক্তি ধ্ৰুৱজ্যোতি গোস্বামীয়ে আন বহু মহিলাৰ নামতো ছ’চিয়েল মিডিয়াত ভুৱা একাউণ্ট খুলি চাইবাৰ অপৰাধত জড়িত হৈ থকাৰ তথ্যও লাভ কৰিছে নগাঁও আৰক্ষীয়ে ৷
লগতে পঢ়ক : Encounter at Biswanath : বিশ্বনাথত পুৱতি নিশা সংঘটিত গুলীচালনাত আহত নকল নোট ব্যৱসায়ী