নগাঁও, 14 অক্টোবৰ: অৱশেষত নগাঁও আৰক্ষীৰ তদন্তত এটা এটাকৈ পোহৰলৈ আহিছে কঠীয়াতলী পেট্ৰ'ল পাম্পত সংঘটিত কৰা ডকাইতৰ তথ্য। । 6 জনীয়া ডকাইতৰ দলে সংঘটিত কৰিছিল ডকাইতি কাণ্ড। খোদ পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীৰ দ্বাৰা পৰিকল্পিত আছিল সমগ্ৰ ঘটনা । ইতিমধ্যে নগাঁও আৰক্ষীয়ে আটক কৰিছে আটাইকেইটা ডকাইতক। জব্দ হৈছে ডকাইতিত ব্যৱহাৰ কৰা পিষ্টল, বাইক। জানিব পৰা মতে, ডিমাপুৰৰ পৰা ক্ৰয় কৰা পিষ্টলৰে গুলীচালনাৰ ঘটনা সংঘটিত কৰিছিল ডকাইত কেইজনে ৷
উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া নগাঁৱৰ কঠীয়াতলী পেট্ৰ'ল পাম্পৰ পৰা ধন লৈ ওলাই যোৱাৰ সময়তে পেট্ৰ'ল পাম্পৰ সন্মুখত 6 জনীয়া ডকাইতৰ দল এটাই পেট্ৰ'ল পাম্পৰ মেনেজাৰ ৰাজকুমাৰ জৈনক গুলীয়াই লুটি নিছিল ধন। চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ পিচতেই নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিৰ নেতৃত্বত তদন্ত আৰম্ভ কৰি প্ৰথমেই গ্ৰেপ্তাৰ কৰিছিল পেট্ৰ'ল পাম্পটোৰ কৰ্মচাৰী ইলিয়াছ আলীক।
কৰ্মচাৰী ইলিয়াছ আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ মাষ্টাৰ মাইণ্ড জুৰীয়াৰ সুৰুজ আলীক কৰায়ত্ব কৰে। সুৰুজ আলীৰ নেতৃত্বত ছয়জনীয়া ডকাইতৰ দলে দুখন বাইকত গৈ সংঘটিত কৰিছিল এই চাঞ্চল্যকৰ ঘটনা। ইতিমধ্যে নগাওঁ আৰক্ষীয়ে ৰূপহীহাটৰ নিৰুদ্দিন, ওমৰ ফাৰুক, যুগদাদুল ইছলাম, কিতাব আলী, চামুগুৰিৰ চৰাফট আলী আৰু জুৰীয়াৰ সুৰুজ আলীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সন্মুখত সমগ্ৰ ঘটনাৰ স্বীকাৰোক্তি দিয়া বুলি উল্লেখ কৰিছে আৰক্ষী অধীক্ষকে।
মাৰাথান জেৰাত আৰক্ষীয়ে লাভ কৰিছে বহু চাঞ্চল্যকৰ তথ্য। ডকাইতিত ব্যৱহাৰ হৈছিল ডিমাপুৰৰ পৰা ক্ৰয় কৰা 7.65 এম এম পিষ্টল। আৰক্ষীয়ে ডকাইতিত ব্যৱহাৰ কৰা পিষ্টলটোৰ লগতে জব্দ কৰিছে দুই জাই সজীৱ গুলী, দুখন বাইক। ৰূপহীহাটৰ কিতাব আলীৰ অবৈধ পিষ্টলৰে গুলী চালনা কৰিছিল যুগদাদুল ইছলামে। ডকাইতকেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে সমগ্ৰ তথ্য সন্নিবিষ্ট কৰি প্ৰস্তুত কৰিব অভিযোগনামা।