নগাঁও, 9 নৱেম্বৰ : ছপা মাধ্যমৰ গভীৰ প্ৰত্যাহ্বানৰ মাজতে মধ্য অসমৰ নগাঁৱৰ পৰা প্ৰকাশ পালে সাপ্তাহিক বাতৰি কাকত ৰণাংগন। সোমবাৰে নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোদী ভৱনত কাকতখনৰ শুভ উন্মোচন কৰে নগাঁৱৰ প্ৰতিষ্ঠিত কাকত বিতৰণ প্ৰতিষ্ঠান ৰুমী ৰূপকৰ স্বত্বাধিকাৰী তথা নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। যুৱ সাংবাদিক মিন্টু দাসৰ সম্পাদনাত ৰণাংগন প্ৰকাশকে প্ৰকাশ কৰা কাকতখন উন্মোচন কৰি বিধায়ক ৰূপক শৰ্মাই কয় মধ্য অসমৰ পৰা কাকতখনে সত্য নিষ্ঠ বাতৰি প্ৰকাশৰে ৰাইজৰ বিশ্বাসযোগ্যতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হ'ব।

নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট লেখক উপেন বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত কাকত উন্মোচনী অনুষ্ঠানত জিলা সাহিত্য সভাৰ সভাপতি পৰাণ বৰুৱা, জ্যেষ্ঠ সাংবাদিক তথা লেখক শৈলেন শইকীয়া, নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা উপস্থিত থাকে।
লগতে পঢ়ক: এন্ধাৰ নাশিবলৈ সাজু মাটিৰ চাকি