ETV Bharat / state

নেহেৰুৱালীত ১০৭ বছৰীয়া নগাঁও ভোগালী উৎসৱ

author img

By

Published : Jan 12, 2020, 11:28 PM IST

নেহেৰুৱালীত ১৪ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ১০৭ বছৰীয়া নগাঁও ভোগালী উৎসৱ৷ দেওবাৰে সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰিলে ভোগালী উৎসৱ সমিতিৰ কাৰ্য্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই

নগাঁও
নেহেৰুৱালীত ১০৭ বছৰীয়া নগাঁও ভোগালী উৎসৱ

নগাঁও, 12 জানুৱাৰীঃ নগাঁৱৰ নেহেৰুৱালীত ১৪ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ১০৭ বছৰীয়া নগাঁও ভোগালী উৎসৱ৷ দেওবাৰে সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰিলে ভোগালী উৎসৱ সমিতিৰ কাৰ্য্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই । সংবাদ মেলত নগাঁও চহৰৰ দহগৰাকীকৈ জ্যেষ্ঠ ব্যক্তিয়ে মঞ্চ ভোগালী বিহুৰ বাটকটীয়া নগাঁও ভোগালী উৎসৱৰ মেজি প্ৰজ্বলন কৰিব বুলিও উল্লেখ কৰে ৷

আনহাতে, উৰুকাৰ সন্ধিয়া নেহেৰুৱালীত নিৰ্মাণ কৰা ভেলাঘৰত নাম প্ৰসংগৰে আৰম্ভ হ'বলগীয়া ভোগালী উৎসৱত নগাঁও ভোগালী বিহুৰ পৰম্পৰা অনুসৰি 200 জ্যেষ্ঠ নাগৰিকক শ্ৰদ্ধা জ্ঞাপন কৰা হ'ব । লগতে জিলা উপায়ুক্ত যাদৱ শইকীয়াই ভোগালী উৎসৱৰ লগত সংগতি ৰাখি প্ৰদৰ্শনী আৰু আত্মসহায়ক গোটৰ বিপনী মুকলি কৰিব বুলিও জানিবলৈ দিয়ে ।

উল্লেখ্য যে, চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ভোগালী উৎসৱত বিভিন্ন খেল, ধেমালি, কুইজ, চিত্ৰাংকন, ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীতৰ লগতে মহিলাৰ পিঠাপনা প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব । প্ৰতি বছৰেই বিভিন্ন জাতি ধৰ্মৰ লোকে অংশগ্ৰহণ কৰা শতবর্ষ গৰকা এই ভোগালী উৎসৱত এইবাৰো ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছে উদযাপন সমিতিয়ে । ১৯১৩ চনৰ পৰা অনুষ্ঠিত হৈ অহা নগাঁও ভোগালী উৎসৱেই প্ৰথম মঞ্চ ভোগালী বিহু বুলিও দাবী জনাই উদযাপন সমিতিয়ে ।

আৰু পঢ়কঃ আমেৰিকাৰ আক্ৰমণ, ইৰাণৰ দীঘলীয়া ছায়া যুদ্ধ

Intro:১০৭ বছৰীয়া নগাওঁ ভোগালী উৎসৱ সমিতিৰ সংবাদ মেল। চাৰিদিনীয়া কাৰ্য্যসূচীৰে নেহেৰুৱালীত মঞ্চ ভোগালী বিহুৰ বাটকটীয়া নগাওঁ ভোগালী উৎসৱ।

Body:১০৭ বছৰীয়া নগাওঁ ভোগালী উৎসৱ এইবাৰ ১৪ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব কলঙৰ বাকৰি নগাঁৱৰ নেহেৰুৱালীত। দেওবাৰে সংবাদ মেলৰ আয়োজন কৰি নগাওঁ ভোগালী উৎসৱৰ বিষয়ে সদৰী কৰে ভোগালী উৎসৱ সমিতিৰ কাৰ্য্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই। মঞ্চ ভোগালী বিহুৰ বাটকটীয়া নগাওঁ ভোগালী উৎসৱৰ মেজি প্ৰজ্বলন কৰিব নগাওঁ চহৰৰ দহগৰাকীকৈ জ্যেষ্ঠ ব্যক্তিয়ে। উৰুকাৰ সন্ধিয়া নেহেৰুৱালীত নিৰ্মাণ কৰা ভেলাঘৰত নাম প্ৰসংগৰে আৰম্ভ হবলগীয়া ভোগালী উৎসৱত নগাওঁ ভোগালী বিহুৰ পৰম্পৰা অনুসৰি দুশ জ্যেষ্ঠ নাগৰিকক জ্ঞাপন কৰা হব শ্ৰদ্ধা। ভোগালী উৎসৱৰ লগত সংগতি ৰাখি প্ৰদৰ্শনী আৰু আত্মসহায়ক গোটৰ বিপনী মুকলি কৰিব জিলা উপায়ুক্ত যাদৱ শইকীয়াই। চাৰিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া ভোগালী উৎসৱত বিভিন্ন খেল, ধেমালি, কুইজ, চিত্ৰাংকন, ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীতৰ লগতে মহিলাৰ পিঠাপনা প্ৰতিযোগিতাও অনুষ্ঠিত হব। প্ৰতি বছৰেই বিভিন্ন জাতি ধৰ্ম ৰ লোকে অংশগ্ৰহণ কৰা শতবর্ষ গৰকা এই ভোগালী উৎসৱত এইবাৰো ৰাইজৰ অংশগ্ৰহণ কামনা কৰিছে উদযাপন সমিতিয়ে। ১৯১৩ চনৰ পৰা অনুষ্ঠিত হৈ অহা নগাওঁ ভোগালী উৎসৱেই প্ৰথম মঞ্চ ভোগালী বিহু বুলিও দাবী উদযাপন সমিতিৰ।
----------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১২-১-২০

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.