ETV Bharat / state

হালধীয়াৰ সমাহাৰে মুগ্ধ কৰা এখন বিশেষ পথাৰ

author img

By

Published : Jan 23, 2020, 9:30 PM IST

এহেজাৰ বিঘাতকৈয়ো অধিক কৃষিভূমিত সৰিয়হ খেতি কৰি একপ্ৰকাৰৰ কৃষি বিপ্লৱৰ সূচনা কৰিছে নগাঁৱৰ পুৰণিগুদামৰ সমীপৱৰ্তী জলাহ গাঁৱৰ একাংশ কৃষকে ৷ যাৰ দ্বাৰা তেওঁলোকে নিজে স্বৱলম্বী লগতে সাহাৰ্য প্ৰদান কৰি আহিছে একাংশ দৰিদ্ৰ পৰিয়ালক ৷

সৰিয়হ খেতিৰে স্বাৱলম্বী
সৰিয়হ খেতিৰে স্বাৱলম্বী

নগাঁও, 23 জানুৱাৰীঃ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এখন বিশেষ পথাৰে ৷ পথাৰখনৰ হালধীয়াৰ সমাহাৰে মুগ্ধ কৰিব আপোনাকো ৷ এই নান্দনিক দৃশ্য নগাঁৱৰ পুৰণিগুদামৰ সমীপৱৰ্তী জলাহ গাঁৱৰ পথাৰৰ ৷ কৰ্ম সংস্থাপনৰ তাৰণাত বহিঃৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে নিজ ঠাইতে সৰিয়হ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ বিচাৰি লৈছে জলাহ গাঁৱৰ একাংশ কৃষকে ৷

সৰিয়হ খেতিৰে স্বাৱলম্বীতাৰ একাংশ কৃষকৰ পথ সূচনা

প্ৰায় এহেজাৰ বিঘাতকৈয়ো অধিক কৃষিভূমিত সৰিয়হ খেতি কৰি এওঁলোকে সূচনা কৰিছে একপ্ৰকাৰৰ কৃষি বিপ্লৱৰ ৷ প্ৰতি বিধা মাটিত উৎপাদন প্ৰায় পাঁচ মোনকৈ সৰিয়হ ৷ এই উদ্যমী কৃষক সকলে সৰিয়হ খেতিৰে স্বাৱলম্বী হোৱাৰ ওপৰিও আৰ্থিকভৱে সাহাৰ্য প্ৰদান কৰি আহিছে একাংশ দৰিদ্ৰ পৰিয়ালক ৷ ইয়াৰোপৰি এই সৰিয়হ খেতিয়ে আশাৰ ৰেঙনি আনিছে স্থানীয় মৌ-পালকসকললৈয়ো ৷

লগতে পঢ়ক ঃ শুৱালকুচিত সাহিত্য সভাৰ অধিৱেশনস্থলী পৰিদৰ্শন অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শকৰ

Intro:এহেজাৰ বিঘা কৃষি ভূমিত সৰিয়হ খেতিৰে কৃষি বিপ্লৱ দুই শতাধিক কৃষকৰ। সৰিয়হ খেতিৰে দুই শতাধিক কৃষকৰ লগতে স্বাৱলম্বি মৌ পালকো। Body:এক নান্দনিক দৃশ্য। যেনিয়ে চায় কেৱল হালধীয়া। যেন সৰিয়হ ফুলৰে পাৰি থোৱা হালধীয়া দলিচা। নগাঁৱৰ পুৰণিগুদামৰ সমীপৱৰ্তী জলাহ গাঁৱৰ পথাৰত দেখিবলৈ পোৱা গৈছে এই নান্দনিক দৃশ্য। আঘোণত ধান কটাৰ পিছত খৰালিৰ বতৰত এহেজাৰতকৈ অধিক কৃষিভূমিত সৰিয়হ খেতি কৰি প্ৰশস্ত কৰিছে স্বাৱলম্বিতাৰ পথ। প্ৰতিবিঘাতে উৎপাদন হয় প্ৰায় পাঁচ মোনকৈ সৰিয়হ। এই বিশাল পথাৰত শীতৰ বতৰত ফুলা সৰিয়হ ফুলে স্বাৱলম্বি আৰু আৰ্থিক সকাহ প্ৰদান কৰে দৰিদ্ৰ কৃষকৰ লগতে মৌ পালকৰ পৰিয়ালকো।
Bite- Conclusion:উল্লেখযোগ্য যে কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ পৰিবৰ্তে সৰিয়হ খেতিৰ লগতে মৌ পালনেৰেও যে হব পাৰে স্বাৱলম্বি তাৰেই প্ৰমাণ দাঙি ধৰিছে জলাহ গাঁৱৰ দুই শতাধিক কৃষকে। চৰকাৰৰ সংশ্লিষ্ট বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিলে সৰিয়হৰ খেতিৰ সৈতে জড়িত কৃষক ৰাইজ অধিক উপকৃত হব বুলিও দাবী স্থানীয় কৃষকৰ।
Bite-
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.