ETV Bharat / state

অহা বৰ্ষত আৰম্ভ হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম

author img

By

Published : Jun 28, 2021, 6:41 PM IST

Updated : Jun 28, 2021, 7:21 PM IST

নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ মহিলা আবাস, প্ৰশাসনিক ভৱন, কলেজ গৃহৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে ৷ অহা বৰ্ষৰ পৰা আৰম্ভ হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম ৷ সোমবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰি কৰে ৷

Nagaon Medical College course to start next year
অহা বৰ্ষত আৰম্ভ হ'ব নগাঁও মেডিকেল কলেজৰ পাঠ্যক্ৰম

নগাঁও, 28 জুন : ক'ভিড সৃষ্টি পৰিবেশৰ মাজতে নগাঁও তথা ৰাজ্যবাসীৰ বাবে ভাল খবৰ ৷ অহা বৰ্ষৰ পৰা আৰম্ভ হ'ব নগাঁও চিকিৎসা মহাবিদ্যালয়(nagaon medical college hospital)ৰ পাঠ্যক্ৰম ৷ সোমবাৰে নিৰ্মীয়মান নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰি কৰে ৷

উল্লেখ্য যে, নগাঁৱৰ ম'হখুলিত নিৰ্মাণ হৈ থকা নগাঁও চিকিৎসা মহাবিদ্যালয়(nagaon medical college hospital)ৰ চৌহদত সোমবাৰে উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ উপস্থিত হৈয়ে নিৰ্মীয়মান নগাঁও মেডিকেল কলেজৰ প্ৰতিটো কোঠা পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ লগতে লোকনির্মাণ বিভাগ(গৃহ)ৰ বিষয়া, অভিযন্তাৰ সৈতেও আলোচনাত মিলিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাককলনৰ বিষয়েও বুজ লয় ৷

সাংবাদিকক সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, মেডিকেল কলেজ গৃহৰ নিৰ্মাণৰ কাম ইতিমধ্যে 70 শতাংশ সম্পূৰ্ণ হৈছে ৷ চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত নগাঁও মেডিকেল কলেজৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব ৷ অহা বৰ্ষত নগাঁও মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিও আৰম্ভ হ'ব বুলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সদৰি কৰে ৷

"চিকিৎসা মহাবিদ্যালয়খনৰ মহিলা আবাস, প্ৰশাসনিক ভৱন, কলেজ গৃহৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে ৷ ঠিকাদাৰে চিকিৎসালয়ৰ গৃহ নিৰ্মাণৰ কাম পলম কৈ লাভ কৰিছিল ৷ যাৰ বাবে নিৰ্মাণৰ কাম কিছু পলম কৈ আৰম্ভ কৰা হেতুকে চিকিৎসালয়ৰ গৃহৰ কাম সম্পূৰ্ণ হওতে কিছু পলম হ'ব পাৰে ৷" সাংবাদিকৰ আগত এই কথা সদৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাককলনত অন্তৰ্ভুক্ত নোহোৱা কাম পুনৰ অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

ইফালে ৰাজ্যত যিধৰণে ক'ভিডত শিশু আক্ৰান্ত হৈছে সেই বিষয়তো মন্তব্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ ক'ভিডত আক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে ৷ ক'ভিডৰ পৰা ৰাজ্য শিশু সকলক ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু বুলিও সদৰি কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: উৎপাদিত সকলো ধান দৰিদ্ৰ ৰাইজক দিম: বিধায়ক দিগন্ত কলিতা

Last Updated : Jun 28, 2021, 7:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.