নগাঁও, ৩১ অক্টোবৰ: পেলনীয়া প্লাষ্টিকৰ পৰা পেট্ৰ’ল, ডিজেলজাতীয় ইন্ধন প্ৰস্তুত কৰাৰ কৌশল উদ্ভাৱন কৰিছে নগাঁৱৰ এজন ব্যক্তিয়ে ৷ নগাঁৱৰ জুৰীয়াৰ লালুং গাঁৱৰ গাওঁবুঢ়া জাফৰ আলীয়ে নিজ বাসগৃহতে আৰম্ভ কৰিছে ইন্ধন প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া(Plastic and plastic made items) । একেবাৰে সৰল এক প্ৰক্ৰিয়াৰে ইন্ধন প্ৰস্তুত কৰি উলিয়াইছে এই লোকজনে ৷ ইয়াত পানীৰ কোনো প্ৰয়োজন নাই ৷ লগতে পেলনীয়া পানীও নোলায় এই প্ৰক্ৰিয়াত (Fuel producing from plastic) ।
পেলনীয়া প্লাষ্টিকৰ সামগ্ৰী জুইত গলাই পে’ট্ৰল আৰু ডিজেলজাতীয় ইন্ধন প্ৰস্তুত কৰা বুলি দাবী কৰিছে জাফৰ আলীয়ে (Recycle plastic into Petrol-Diesel) । পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিকহে তেওঁ এই কামৰ বাবে ব্যৱহাৰ কৰে । ১ কুইন্টল পেলনীয়া প্লাষ্টিকৰ পৰা ৭০ ৰ পৰা ৮০ লিটাৰ ইন্ধন প্ৰস্তুত কৰিব পৰা বুলি জানিবলৈ দিছে জাফৰ আলীয়ে । বৰ্তমান প্ৰস্তুত কৰা ইন্ধন এতিয়াও বিশুদ্ধ নহয় যদিও জাফৰ আলীয়ে শোধন কৰি ব্যৱহাৰ যোগ্য ইন্ধন প্ৰস্তুতৰ চেষ্টা অব্যাহত ৰাখিছে (Making Fuel out of Plastic) ৷
তেওঁ এই প্ৰকল্পৰ জৰিয়তে প্লাষ্টিকক ইন্ধনলৈ পৰিণত কৰি নিজৰ মটৰ চাইকেলত ব্যৱহাৰ কৰিছে ৷ যদি চৰকাৰে অনুমতি দিয়ে আৰু শোধন কৰি বিশুদ্ধ পেট্ৰ'লৰ প্ৰস্তুত সম্পূৰ্ণ হয় তেন্তে অসমৰ বাবে ই এক ভাল খবৰ হ'ব । ইতিমধ্যে জাফৰ আলীয়ে উদ্যোগ পঞ্জীয়ন বাবে আবেদনো কৰিছে ।
উল্লেখ্য যে, প্লাষ্টিক তথা প্লাষ্টিকজাত সামগ্ৰী পৰিবেশৰ বাবে অনিষ্টকৰ ৷ প্লাষ্টিকৰ আৱৰ্জনাৰ পৰা ৰক্ষা পাবলৈ দেশজুৰি লোকসকলে নিজ নিজ স্থানত প্লাষ্টিক নিৰ্মূলৰ বাবে চেষ্টা কৰি আছে ৷ এনে সময়ত যদি পেলনীয়া প্লাষ্টিকক ইন্ধনৰ আকাৰে প্ৰস্তুত কৰিব পৰা যায়, তেন্তে ইয়াৰ সকলোৰে বাবে নিশ্চয়কৈ এটা ভাল খবৰ ৷ সকলো কাম সুকলমে সম্পন্ন হ'লে পেলনীয়া প্লাষ্টিকৰ পুনৰ ব্যৱহাৰে প্ৰদূষণমুক্ত পৰিৱেশৰ গঢ়াত সহায়ক হ'ব বুলিও ধাৰণা কৰিছে একাংশই ।
লগতে পঢ়ক : Deen Dayal Divyangjan Sahajya Scheme: চৰকাৰী আঁচনিলৈ বাট চাই চাই ভাগৰি পৰিছে নলবাৰীৰ একাংশ দিব্যাংগ