নগাঁও,11 নৱেম্বৰঃ গো-মাতা পূজনৰ পোষকতা কৰা চৰকাৰৰ দিনত গো-মাতাৰ দুখে কুলাই পাচিয়ে নধৰা হৈছে ৷ ৰাজ্যত ধাৰাবাহিকভাৱে জব্দ হৈছে অবৈধভাৱে সৰবৰাহ কৰা গৰু ৷ নগাঁও, গুৱাহাটী,ধুবুৰীৰ পৰা আৰম্ভ কৰি উজনি অসমলৈ চলি আছে গৰুৰ চোৰাং বেহা ৷ নিশাৰ আন্ধাৰত চলা এই চোৰাং বেহা ৰোধ কৰাত ব্যৰ্থ ৰাজ্যৰ গৃহবিভাগ ৷ এই পৰ্যন্ত কেবাশ চোৰাং গৰুসহ গাড়ী জব্দ কৰিছে যদিও আৰক্ষীয়ে উৎখাত কৰিব পৰা নাই চোৰাং গৰু সৰবৰাহৰ মূল চক্ৰটোক ৷
![NAGAON KALIABOR ILLEGAL CATTLE RECOVER, CATTLE SMUGGLING ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5024914_cattle.jpg)
দেওবাৰে কলিয়াবৰ আৰক্ষীৰ হাতত জব্দ হোৱা চৈধ্যখন পশুধন ভৰ্তি বাহনে পুনৰ প্ৰমাণ কৰিলে গৃহ বিভাগৰ বিফলতাৰ কথা ৷ গোলাঘাট জিলাৰ বিহৰা গৰু বজাৰৰ পৰা গৰু আৰু ম'হ লৈ আহি থকাৰ খবৰ পাই কলিয়াবৰ আৰক্ষীয়ে চৈধ্যখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। গাড়ীকেইখনৰ চালক-হেণ্ডিমেনসহ মুঠ চল্লিশজন লোকক গ্ৰেপ্তাৰ কৰে কলিয়াবৰ আৰক্ষীয়ে।
![NAGAON KALIABOR ILLEGAL CATTLE RECOVER, CATTLE SMUGGLING ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5024914_buffallo.jpg)
অভিযোগ উত্থাপন হৈছে যে, এই চোৰাং গৰু সৰবৰাহৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে একাংশ ঘোচখোৰ আৰক্ষী বিষয়াও ৷ দেওবাৰে বৃহৎ সংখ্যক পশুধন জব্দ কৰাৰ পিচত মুখা খোল খাইছে একাংশ দুৰ্নীতি পৰায়ণ আৰক্ষীৰ গোপন কাহিনী ৷ অভিযোগ অনুসৰি বোকাখাট আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত গৰু ভৰ্তি বাহন পাৰ কৰি দিয়ে। তাৰোপৰি বুঢ়াপাহাৰত পৰিবহন বিভাগৰ ইণ্টাৰচেপ্তৰ গাড়ীখনকো পাঁচশ টকাকৈ দিব লাগে,আনহাতে পিছপৰি ৰোৱা নাই একাংশ দল সংগঠনৰ নেতাও ৷ গৰুৰ চোৰাং বেহাৰ লগত জড়িত থকাসকলে দল সংগঠনৰ নেতাকো ধন দিব লাগে গৰু পাৰ কৰাৰ বিনিময়ত ৷ দেওবাৰে কলিয়াবৰ আৰক্ষীৰ অভিযানত জব্দ হোৱা মুঠ পশুধনৰ সংখ্যা হৈছে- ১৪৬, ইয়াৰ ভিতৰত ম'হৰ সংখ্যা হৈছে-৫৫ টা আৰু গৰুৰ সংখ্যা হৈছে- ৫১ টা ৷
![NAGAON KALIABOR ILLEGAL CATTLE RECOVER, CATTLE SMUGGLING ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5024914_kaliabor_cattle.jpg)
আনহাতে ধৃত পশুধনৰ অবৈধ সৰবৰাহকাৰী কেইজন হৈছে ইমতাজ ৰহমান,আব্দুল খলিফ,চোৰাবউদ্দিন, হবিজুল ইছলাম,আব্দুল কাচিম,ৰমিজউদ্দিন,আব্দুল ৰহমান,নুৰুল হক,আলাউদ্দিন,গুলজাৰ হুছেইন,চাইদুল ইছলাম,হিবজুৰ ৰহমান,চাইফুল ইছলাম,মফিদুল ইছলাম,মোস্তাফা,খাইৰুল ইছলাম,ৰবিউল,আইজুল হক, ইমতিয়াজ ৰহমান,নজৰুল ইছলাম,নবি হুছেইন,চাইফুল ইছলাম,ফাইজুল ইছলাম,ফৰুদূল ইছলাম,জমিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।
লগতে চাওকঃউত্তৰ-পূব গ্ৰন্থমেলাৰ অন্তৰংগ অনুষ্ঠানত অভিনেতা যতীন বৰা