নগাঁও, 22 ডিচেম্বৰ : অসম বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যেই কুচকাৱাজ আৰম্ভ কৰিছে নীতিশ কুমাৰৰ জে. ডি. ইউ.য়ে। মঙলবাৰে নগাঁৱৰ সাহিত্য ভৱনত দলটোৰ এক সাংগঠনিক আলোচনা চক্ৰ অনুষ্ঠিত হয় । আলোচনা চক্ৰত দলটোৰ দুই ৰাষ্ট্ৰীয় সম্পাদক সঞ্জয় বাৰ্মা আৰু ৰবীন্দ্ৰ সিং উপস্থিত থাকি দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰা সন্দৰ্ভত দলীয় কৰ্মীৰ সৈতে আলোচনা কৰে ।
অসমত দলটোৰ সদস্য ভৰ্তি অভিযানো আৰম্ভ কৰাৰ কথা উল্লেখ কৰে দলটোৰ ৰাষ্ট্ৰীয় নেতাই । আগন্তক নিৰ্বাচনত দলটোৱে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে দলটোৰ ৰাষ্ট্ৰীয় নেতাই ৷
লগতে পঢ়ক: সংখ্যাগৰিষ্ঠ দলে প্ৰথমে সুযোগ পাব বিটিএডিত চৰকাৰ গঠনৰ: ন্যায়ালয়