ETV Bharat / state

নগাঁও ছোৱালী কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ - সভাপতি সঞ্জীৱ দাস

CID investigation : নগাঁও ছোৱালী কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগৰ তদন্ত আৰম্ভ চিআইডিৰ ।

Nagaon Girls College
নগাঁও ছোৱালী কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 3:12 PM IST

নগাঁও ছোৱালী কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগ

নগাঁও, 12 জানুৱাৰী : অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগৰ তদন্ত কৰিবলৈ নগাঁৱত চি আই ডিৰ দল । নগাঁও ছোৱালী কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগৰ তদন্ত আৰম্ভ চিআইডিৰ ।

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ কুলেন দাসৰ বিৰুদ্ধে উত্থাপন হৈছিল অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰি নিযুক্তি লাভ কৰাৰ অভিযোগ । অধ্যক্ষ কুলেন দাসৰ বিৰুদ্ধে বিগত বৰ্ষৰ মে’ মাহতে অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ সভাপতি সঞ্জীৱ দাসে চি আই ডি আৰু নগাঁৱৰ জিলা আৰক্ষী অধীক্ষকক পৃথকে পৃথকে অভিযোগ দাখিল কৰিছিল । সেই অভিযোগসমূহত অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমে নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ড৹ কুলেন দাসৰ নামো সন্নিৱিষ্ট কৰি তেওঁৰ বিৰুদ্ধেও জাতিগত প্ৰমাণপত্ৰ জালিয়াতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ।

সংগঠনটোৰ এই অভিযোগৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে সন্ধিয়া চি আই ডিৰ এটা দল নগাঁৱত উপস্থিত হৈ নগাঁৱৰ ভিন্ন স্থানৰ লগতে নগাঁও ছোৱালী কলেজতো অধ্যক্ষ কুলেন দাসৰ জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগৰ অনুসন্ধান আৰম্ভ কৰে । চি আই ডিৰ পৰিদৰ্শক সঞ্জীৱ দাসৰ নেতৃত্বত এটা দলে নগাঁও ছোৱালী মহাবিদ্যালয়ত উপস্থিত হৈ কলেজখনৰ অধ্যক্ষ কুলেন দাসৰ জাতিগত প্ৰমাণপত্ৰ পৰীক্ষা কৰে ।

এগৰাকী অধ্যক্ষৰ বিৰুদ্ধে জাতিগত প্ৰমাণ পত্ৰৰে নিযুক্তি লাভ কৰাৰ অভিযোগ আৰু চি আই ডিয়ে অনুসন্ধান আৰম্ভ কৰা ঘটনাই নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইপিনে, চি আই ডিৰ অভিযানকাৰী দলটোৱে দাসৰ উপৰিও ভাৰতীয় ষ্টেট বেংক হয়বৰগাঁও শাখাত কৰ্মৰত মামণি ডেকা, অসম কৃষি বিশ্ববিদ্যালয় নগাঁও শাখাৰ কনিষ্ঠ বৈজ্ঞানিক বিদিশা বৰা, বগলাজান মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী সম্প্ৰীতি শইকীয়াৰো জাতিগত প্ৰমান পত্ৰ পৰীক্ষা নীৰিক্ষণ কৰা বুলি জানিব পৰা গৈছে ।

অৱশ্যে চি আই ডিয়ে এই পৰ্যন্ত কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই যদিও যদিহে জালিয়াতি কৰাৰ কৰাৰ তথ্য সত্য প্ৰমাণিত হ’লে হয় গ্ৰেপ্তাৰ হোৱাটো এক প্ৰকাৰ নিশ্চিত । আনহাতে অনুসূচীত সংগ্ৰামী যুৱ মঞ্চই জাতিগত প্ৰমাণ পত্ৰ জালিয়াতিৰে নিযুক্তি লাভ কৰা সকলোকে একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক: যোৰহাট কো-অপাৰেটিভ বেংকত উদ্ভণ্ডালি, প্ৰাপ্য ধন বিচাৰি মূৰে কপালে হাত দিলে গ্ৰাহকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.