নগাঁও, 28ছেপ্টেম্বৰঃ "পূজা বুলি সীমান্তত নাই কোনো নিৰাপত্তাৰ বিশেষ ব্যৱস্থা। যাৰ বাবে অনায়াসে পাৰ হ'ব পাৰে ভাৰত-বাংলাদেশ সীমান্ত ।" এয়া নগাঁও আৰক্ষীৰ হাতত আটক হোৱা দুই বাংলাদেশীৰ স্বীকাৰোক্তি ৷
এফালে ৰাজ্যত পূজাৰ ব্যস্ততা তাৰ মাজতে শুকুৰবাৰে নগাঁৱত আটক হ'ল দুই বাংলাদেশী ৷ নগাঁও আৰক্ষীৰ হাতত আটক হোৱা বাংলাদেশী নাগৰিক ক্ৰমে বাংলাদেশৰ ছিলেট জিলাৰ কামাল উদ্দিন আৰু গিয়াচ উদ্দিন । এই ঘটনাৰ পাচতে আটক হোৱা বাংলাদেশীৰ ভাষ্যই পুনৰবাৰ উদঙালে সীমান্তত দুৰ্বল নিৰাপত্তা ব্যৱস্থাৰ কথা । উল্লেখ্য যে প্ৰথমে বাংলা সীমান্ত অতিক্ৰম কৰি কৰিমগঞ্জয়েদি প্ৰৱেশ কৰি নগাঁৱত উপস্থিত হোৱা বুলি মন্তব্য কৰিছে আটাকাধীন বাংলাদেশী নাগৰিক দুগৰাকীয়ে। ভাৰত-বাংলা সীমান্তৰ নিৰাপত্তাক লৈ নানা প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে অনায়াসে অসমত প্ৰৱেশ কৰা কাৰ্যই বৰ্তমান চাঞ্চল্য সৃষ্টি কৰিছে ৷ সীমান্তৰ পহৰাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ ফোপোলা স্বৰূপ উদঙাই দিছে এই ঘটনাই ৷