ETV Bharat / state

ৰাজপথত লক ডাউন উলংঘাকাৰীক দমন উপায়ুক্তৰ !

নগাঁৱৰ ৰাজপথত জিলা উপায়ুক্ত। লক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ল উপায়ুক্ত যাদৱ শইকীয়া।

author img

By

Published : Apr 10, 2020, 4:00 PM IST

nagaon DC becomes strict against those who breaks the lock down

নগাঁও, 10 এপ্ৰিল: কৰ'ণা মহামাৰীয়ে ভয়াৱহ ৰূপ লোৱাৰ পিচতো কোনো গুৰুত্বই নাই একাংশ লোকৰ। আৰক্ষীৰ লাঠীৰ কোব খোৱাৰ পিচতো যেন কোনো শিক্ষাই লোৱা নাই একাংশই । লক ডাউন উলংঘা কৰি ৰাজপথত বিনা দ্বিধাই ফুৰিছে একাংশ। নগাওঁ চহৰতো লক ডাউনৰ সময়ত নানা অজুহাতত ওলাই আহিছে বিভিন্নজন। শুকুৰবাৰে লক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই । দিন ৰাতি একাকাৰ কৰি বিগত দিন কেইটাত চিকিৎসা ব্যৱস্থাৰ লগতে খাদ্য সামগ্ৰী ক্ষেত্ৰতো সক্ৰিয় হৈ থকা জিলা উপায়ুক্ত যাদৱ শইকীয়া এইবাৰ ওলাই আহিল ৰাজপথলৈ ।

ৰাজপথত লক ডাউন উলংঘাকাৰীক দমন উপায়ুক্তৰ !

আৰক্ষীৰ পৰিৱৰ্তে উপায়ুক্তই নিজে ৰাজপথত তদাৰক কৰিলে পৰিস্থিতি। জব্দ কৰিলে লক ডাউন উলংঘা কৰা বহু যান-বাহন। বিনা কাৰণত ঘূৰি ফুৰা বহু বাহন আৰোহীক চৰম সকিয়নি প্ৰদান কৰে জিলা উপায়ুক্তগৰাকীয়ে । চৰকাৰ-প্ৰশাসনৰ কঠোৰ আহ্বানৰ পিচতো এচাম লোকে লক ডাউন ব্যৱস্থাক চৰম উপলুঙা কৰা কাৰ্যত ক্ষুদ্ধ হৈ উপায়ুক্ত গৰাকীয়ে নিজাববীয়াকৈ এই ব্যৱস্থা ল'বলৈ বাধ্য হয় ৷

লগতে পঢ়ক : কৰ'ণাৰ আতংকত হ্ৰাস পাইছে বাতৰি কাকতৰ গ্ৰাহকঃ সংকটত হকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.