ETV Bharat / state

নীল-অভি হত্যাকাণ্ড: এটা মাহত চাৰিবাৰকৈ শুনানি গ্ৰহণ কৰিব নগাঁও আদালতে - নগাঁও জিলা সত্ৰ ন্যায়াধীশ

নগাঁও আদালতত নীল-অভি হত্যাকাণ্ড গোচৰৰ শুনানি (Mob lynching of Abhi Neel)। জুন মাহত চাৰিবাৰকৈ শুনানি গ্ৰহণ কৰিব নগাঁও আদালতে । শুকুৰবাৰে সম্পূৰ্ণ নহ'ল তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্যদান । আৰক্ষী বিষয়াৰ শাৰীৰিক অসুস্থতাৰ বাবেই বিপক্ষৰ অধিবক্তাই সম্পূৰ্ণ কৰিব নোৱাৰিলে জেৰা ।

Mob lynching of Abhi Neel
এটা মাহত চাৰিবাৰকৈ শুনানি গ্ৰহণ কৰিব নগাঁও আদালতে
author img

By

Published : May 20, 2022, 6:35 PM IST

নগাঁও, 20 মে’: সমগ্ৰ ৰাজ্য জোঁকাৰি যোৱা ডকমকাৰ নীল-অভি হত্যাকাণ্ড(Mob lynching of Abhi Neel) গোচৰৰ শুকুৰবাৰেও শুনানি গ্ৰহণ কৰে নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে । বৃহস্পতিবাৰে নগাঁও আদালতত সাক্ষ্যদান কৰা নিলোৎপল দাস আৰু অভিজিৎ নাথৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্তকাৰী আৰক্ষী বিষয়াক শুকুৰবাৰে জেৰা কৰাৰ কথা আছিল বিপক্ষৰ অধিবক্তাই । কিন্তু তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীৰ শাৰীৰিক অসুস্থতাৰ বাবেই শুকুৰবাৰে নগাঁও আদালতত সম্পূৰ্ণ নহ'ল সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া ।

এটা মাহত চাৰিবাৰকৈ শুনানি গ্ৰহণ কৰিব নগাঁও আদালতে

ক'ভিড ১৯ কে ধৰি বিভিন্ন কাৰণত বিচাৰ প্ৰক্ৰিয়া পলম হ’লেও শেহতীয়াকৈ নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত পুনৰ দ্ৰুতগতিত আৰম্ভ হৈছে নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া । চলিত মাহত তিনিবাৰকৈ শুনানি গ্ৰহণ কৰা নগাঁও আদালতে অহা জুন মাহত চাৰিবাৰকৈ শুনানি গ্ৰহণৰ বাবে দিন ধাৰ্য কৰিছে (Hearing of Abhi Neel murder case)।

প্ৰথমে বৃহস্পতিবাৰে সাক্ষ্যদান কৰা তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতেই আন দুগৰাকী তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্যগ্ৰহণ কৰিব নগাঁও আদালতে । আনহাতে, আন দুগৰাকী তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ হলেই চূড়ান্ত হ'ব গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া । উল্লেখ্য যে, ২০১৮ চনৰ ৮ জুন তাৰিখে কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হৈছিল নীল-অভিৰ হত্যাকাণ্ড (Dokmoka mob lynching)।

লগতে পঢ়ক: পুৱাতেই লালু প্ৰসাদ যাদৱৰ বাসগৃহত চলিল চি বি আইৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.