ETV Bharat / state

আছুৰ উদ্যোগত প্ৰতিযোগীতা মূলক পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ - লুৰিণজ্যোতি গগৈ

নগাওঁ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি

প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি
author img

By

Published : Jul 31, 2019, 11:08 PM IST

নগাওঁ, 30 জুলাইঃ নগাওঁ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ বুধবাৰে সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত থাকি চৰকাৰক সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰিব পৰাকৈ প্ৰতিখন জিলাতে প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷ ইয়াৰোপৰি অসম লোকসেৱা আয়োগত সংঘটিত হোৱা দূৰ্নীতিৰ তদন্ত তীব্ৰতৰ কৰিবলৈও দাবী উত্থাপন কৰে ৷ এই প্ৰশিক্ষণ শিবিৰত জিলাখনৰ 130 গৰাকী ছাত্ৰ ছাত্ৰীক নগাওঁ জিলা অতিৰিক্ত উপায়ুক্ত মৃদুল বড়ো, উপ আৰক্ষী অধীক্ষক জন দাসৰ উপৰিও গুৱাহাটীৰ কেইবা গৰাকী প্ৰশিক্ষকৰ দ্বাৰা দিয়া হয় প্ৰশিক্ষণ ৷

Intro:নগাওঁ জিলা ছাত্ৰ সন্থাৰ আয়োজিত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত চৰকাৰক সমালোচনা আছু ৰ সম্পাদক লুৰিণ জ্যোতি গগৈৰ। ডিঙিৰ শিৰ ফুলাই ভাষণ দিয়াটোৱেই দেশ প্ৰেম জাতিপ্ৰেম নহয়। এতিয়াও দুৰ্নীতিমুক্ত নহয় অসম লোকসেৱা আয়োগ। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিৰ কথা কোৱা চৰকাৰৰ দিনতো বিভিন্ন নিযুক্তিত দুৰ্নীতিৰ অভিযোগ। ৰাজ্যৰ প্ৰতিখন জিলাতে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ পৰিকল্পনা ছাত্ৰ সন্থাৰ।

Body:ডিঙিৰ শিৰ ফুলাই ভাষণ দিয়াটোৱেই দেশ প্ৰেম জাতিপ্ৰেম নহয়। চৰকাৰে যদি জাতীয় জীৱনক ভাল পায় তেন্তে সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিব পৰাকৈ প্ৰশিক্ষণ দিয়ক অসমৰ ছাত্ৰ ছাত্ৰীক। প্ৰতিখন জিলাতে স্থাপন কৰক প্ৰশিক্ষণ শিবিৰৰ। নগাওঁ চৰকাৰী বালক বিদ্যালয়ত নগাওঁ জিলা ছাত্ৰ সন্থাই আয়োজন কৰা অসম লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক কটাক্ষ কৰি গগৈৰ মন্তব্য। পূৰ্বৰ চৰকাৰৰ দিনত পৰ্বতসম দুৰ্নীতি সংঘটিত কৰি ৰাকেশ পালে ৰেকৰ্ড গঢ়ি যোৱা অসম লোকসেৱা আয়োগত এতিয়া দেখা নাই সংস্কাৰ। কেৱল লোকসেৱা আয়োগতেই নহয় দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিৰ কথা কোৱা চৰকাৰৰ দিনতেই বিভিন্ন বিভাগৰ নিযুক্তিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। চৰকাৰৰ এই শ্লোগান সঠিক ৰূপত কাৰ্য্যকৰী কৰি অসমৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক ন্যায় দিব পাৰিলে প্ৰকৃত অৰ্থত প্ৰতিফলিত হব শূণ্য সহনশীলতা।
bite
অসম লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰাটো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰি আছু নেতা লুৰিণ জ্যোতি জ্যোতি গগৈৰ মন্তব্য । অসমৰ ছাত্ৰ ছাত্ৰীক সঠিক পথৰ সন্ধান দিব পাৰিলে সৰ্বভাৰতীয় স্তৰত জিলিকাব পাৰিব নিজৰ আধিপত্য। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ প্ৰতিখন জিলাতেই সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিব পৰাকৈ ব্যৱস্থা কৰিব বুলিও উল্লেখ কৰে লুৰিণজ্যোতি গগৈয়ে।
bite

Conclusion:বুধবাৰে সামৰৰণি পৰে নগাওঁ জিলা ছাত্ৰ সন্থাই আয়োজন কৰা অসামৰিক পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ। জিলাখনৰ ১৩০ গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিয়া হয় এই প্ৰশিক্ষণ শিবিৰত। নগাওঁ জিলা অতিৰিক্ত উপায়ুক্ত মৃদুল বড়ো, উপ আৰক্ষী অধীক্ষক জন দাসৰ উপৰিও গুৱাহাটীৰ কেবাগৰাকী প্ৰশিক্ষকৰ দ্বাৰা দিয়া হয় প্ৰশিক্ষণ।
----------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
৩১-৭-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.