ETV Bharat / state

নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ, নগাঁওবাসীক শুভেচ্ছা জনালে বিধায়ক ৰূপক শৰ্মাই

author img

By

Published : Nov 20, 2021, 10:30 PM IST

শনিবাৰে নগাঁও মহাবিদ্যালয়(স্বতন্ত্ৰ)ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । নগাঁও মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

Nagaon College updating to University
নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ

চামগুৰি, 20 নৱেম্বৰ : দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত শনিবাৰে নগাঁও মহাবিদ্যালয়(স্বতন্ত্ৰ)ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । নগাঁও মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে বিধানসভাৰ মজিয়াত আহ্বান জনোৱাৰ লগতে বিভিন্ন সময়ত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্ত গ্ৰহণ কৰে ।

মুখ্যমন্ত্ৰী গৰাকীৰ এই সিদ্ধান্তই মধ্য অসমৰ শিক্ষাৰ ক্ষেত্ৰখনক প্ৰগতিৰ পথত আগুৱাই লৈ যাব । এই শুভক্ষণত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে সমগ্ৰ নগাঁওবাসী ৰাইজক অভিনন্দন জ্ঞাপন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে ।

লগতে পঢ়ক: এটা মাহতে ১৮ হাজাৰৰো অধিক দেশ-বিদেশী পৰ্যটকে ভিৰ কৰিলে কাজিৰঙা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.