চামগুৰি, 21 ডিচেম্বৰ: সমাগত ইংৰাজী নৱবৰ্ষ ৷ নৱবৰ্ষৰ পূৰ্বে বনভোজস্থলীসমূহত আহি ভিৰ কৰেহি বিভিন্ন প্ৰান্তৰ পৰ্যটকে ৷ এনে এক প্ৰসিদ্ধ পৰ্যটন ক্ষেত্ৰ হ’ল নগাঁৱৰ চাপানালা ৷ বুৰঞ্জী প্ৰসিদ্ধ এই পৰ্যটন ক্ষেত্ৰলৈ প্ৰতিবছৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা পৰ্যটকে আহি প্ৰাকৃতি সৌন্দৰ্যৰ মাজত সময় অতিবাহিত কৰে ৷ কিন্তু এইবেলি কৰ’ণা মহামাৰীয়ে প্ৰভাৱ পেলাইছে এই পৰ্যটন ক্ষেত্ৰখনক ৷ ৰাস্তা-ঘাট সুবিধাজনক হোৱাৰ পিছতো আন বছৰৰ তুলনাত অভাৱনীয় হাৰত হ্ৰাস পাইছে বনভোজকাৰী দলৰ লগতে পৰ্যটকৰ সংখ্যা ৷
চাপানালাৰ বৰ্তমান পৰিস্থিতিয়ে বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছে ঠাই খনৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক । কাৰণ প্ৰতি বছৰে নৱবৰ্ষৰ প্ৰাক্ ক্ষণত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২০০ জন ক্ষুদ্ৰ ব্যৱসায়ীয়ে কেৱল পৰ্যটন ক্ষেত্ৰখনলৈ আগমন ঘটা পৰ্যটক সকলক কেন্দ্ৰ কৰিয়ে জীৱিকা নিৰ্বাহ কৰি আহিছিল । কিন্তু চলিত বৰৰ্ষত পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাত হতাশ হৈ পৰিছে ব্যৱসায়ীসকল ৷ তথাপিও নৱবৰ্ষৰ দিন কেইটাত বনভোজকাৰী সকলক ক’ভিড প্ৰট’কল মানি এই ঐতিহাসিক পৰ্যটনস্থলীলৈ আহিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে অঞ্চলটোৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে ৷
লগতে পঢ়ক-গুৱাহাটীত উপস্থিত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি