ETV Bharat / state

নগাঁৱত বিয়াৰ প্ৰলোভনেৰে প্ৰেমিকাৰ অশ্লীল ফ'টো ভাইৰেল

author img

By

Published : May 14, 2020, 2:44 PM IST

বিয়াৰ প্ৰলোভনেৰে ১৬ বছৰীয়া কিশোৰীক ঘৰলৈ লৈ গৈ মোবাইলত অশ্লীল ফ'টো আৱদ্ধ কৰি টকাৰ দাবী কৰে ফটিক দাস নামৰ যুৱকজনে । ভুৱা একাউন্টৰে ফেচবুকত ফ'টো ভাইৰেল কৰি সম্প্ৰতি পলাতক প্ৰতাৰক যুৱক।

Nagaon Boy made girlfriend's photo viral during lock down
বিয়াৰ প্ৰলোভনেৰে প্ৰেমিকাৰ অশ্লীল ফ'টো ভাইৰেল

নগাঁও, 14 মে' : অশ্লীল ফ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকিৰে প্ৰেমিকাক টকা দাবী কৰি আহিছে নগাঁৱৰ পানীগাঁও দুৰ্গাবস্তিৰ ফটিক দাস নামৰ এজন যুৱকে ৷ কিশোৰীগৰাকীৰ মাতৃৰ ভাষ্য অনুসৰি, বিয়াৰ প্ৰলোভনেৰে ১৬ বছৰীয়া কিশোৰীক ঘৰলৈ লৈ গৈ মোবাইলত অশ্লীল ফ'টো আৱদ্ধ কৰি টকাৰ দাবী কৰে যুৱকজনে ৷ ফ'টো ভাইৰেল হোৱাৰ ভয়ত টকা পইচাৰ লগতে কিশোৰীগৰাকীয়ে সোণৰ গহনা পৰ্যন্ত দি দিয়ে যুৱকজনক ৷ পৰৱৰ্তী সময়ত যুৱকজনে ফেচবুকত একাধিক ভুৱা একাউণ্ট খুলি কিশোৰীগৰাকীৰ ফ'টো ভাইৰেল কৰে । লগে লগে যুৱকীৰ পৰিয়ালে নগাঁৱৰ ইটাচালি আৰক্ষী চকীত উপস্থিত হৈ অভিযুক্তজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ সম্প্ৰতি পলায়ন কৰা যুৱকজনৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছে ইটাচালি আৰক্ষীয়ে ।

লগতে পঢ়়ক: ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া তথ্য

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.