ETV Bharat / state

Nagaon Book Fair 2022: প্ৰথমে অভিভাৱকে গ্ৰন্থ অধ্যয়ন কৰক, পিচত সন্তানক পঢ়াৰ পৰামৰ্শ দিয়ক: কুলধৰ শইকীয়া

author img

By

Published : Dec 15, 2022, 8:22 PM IST

Updated : Dec 15, 2022, 9:23 PM IST

বৃহস্পতিবাৰৰ আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা (Nagaon Book Fair 2022) । এই গ্ৰন্থমেলাৰ শুভাৰম্ভ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই (Kuladhar Saikia inaugurates Nagaon Book Fair) ।

Nagaon Book Fair 2022
প্ৰথমে অভিভাৱকে গ্ৰন্থ অধ্যয়ন কৰক, পিচত সন্তানক পঢ়াৰ পৰামৰ্শ দিয়ক : কুলধৰ শইকীয়া
প্ৰথমে অভিভাৱকে গ্ৰন্থ অধ্যয়ন কৰক, পিচত সন্তানক পঢ়াৰ পৰামৰ্শ দিয়ক: কুলধৰ শইকীয়া

নগাঁও, 15 ডিচেম্বৰ : ‘‘প্ৰথমে সকলো অভিভাৱকে নিজে গ্ৰন্থ অধ্যয়ন কৰক ৷ তাৰ পাচত নিজ নিজ সন্তানক গ্ৰন্থ অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়ক ৷’’ বৃহস্পতিবাৰৰ নগাঁও গ্ৰন্থমেলাৰ শুভাৰম্ভণি কৰি এই মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই (Kuladhar Saikia inaugurates Nagaon Book Fair) ।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা নগাঁৱৰ নেহেৰুৱালীৰ কলঙৰ বাকৰিত আৰম্ভ হয় নগাঁও গ্ৰন্থমেলা (Nagaon Book Fair began)। এই গ্ৰন্থমেলাৰ আৰম্ভণিৰ দিনাই কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ এই গ্ৰন্থমেলাৰ বাকৰিতেই সাহিত্যিক কুলধৰ শইকীয়াই কিতাপ পঢ়াতো বেংক একাউন্ট খোলাৰ নিচিনা বুলিও মন্তব্য কৰে ৷

কিয়নো পাচবুকত ধন সঞ্চয় কৰাৰ লেখীয়াকৈ জ্ঞান বঢ়াবলৈও কিতাপ অধ্যয়নৰ প্ৰয়োজন ৷

লগতে পঢ়ক : Jorhat Book Fair: সামৰণি পৰিল যোৰহাট গ্ৰন্থমেলা, ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী

যিমানে কিতাপ পঢ়া যায় সিমানে জ্ঞানৰ ভাণ্ডাৰ শক্তিশালী হ’ব বুলিও মন্তব্য কৰে সাহিত্যিক কুলধৰ শইকীয়াই ৷ লগতে লেখকসকলক উদ্দেশ্যি সাহিত্যিক শইকীয়াই কয় যে, কিতাপ বেছি বিক্ৰী হ’বলৈ হ’লে লেখকে পঢ়ুৱৈয়ে বিচৰা ধৰণে বিষয় নিৰ্বাচন কৰিব লাগিব । লেখকে নতুন ধাৰাৰ নতুন ষ্টাইলত কিতাপ লিখিব লাগিব, তেতিয়াহে নৱ প্ৰজন্মই কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী হ’ব ৷

নগাঁও গ্ৰন্থমেলাৰ বাকৰিতে সাহিত্যিক কুলধৰ শইকীয়াই কয়, ‘‘অসম সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ ইতিহাস সামৰি (History of Asam Sahitya Sabha) শীৰ্ষক এখন গ্ৰন্থ ইংৰাজীত প্ৰণয়ন কৰা হৈছে ৷ আমি সকলোৱে অসম সাহিত্য সভাক বিশ্ব দৰবাৰত পৰিচয় কৰাবলৈ কৰ্ম কৰাৰ সংকল্প ল’ব লাগিব’’ ।

উল্লেখ্য যে, নগাঁৱৰ নেহেৰুৱালিত কল্লোল সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই গ্ৰন্থমেলাৰ ৷ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই উদ্বোধন কৰা এই গ্ৰন্থমেলাৰ আৰম্ভণিৰ দিনাই যথেষ্ট গ্ৰন্থপ্ৰেমী লোকে ভিৰ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : Assam Book Fair Guwahati : ২৯ ডিচেম্বৰৰ পৰা চানমাৰিত দ্বিতীয় অসম গ্ৰন্থমেলা

Last Updated : Dec 15, 2022, 9:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.