চামগুৰি, 12 জানুৱাৰী : সোমবাৰৰ পৰা নগাঁও শ্বহীদ ভৱনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গ্ৰন্থমেলা(Book fair held in Nagaon)। নগাঁৱৰ অগ্রণী শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ উদ্যোগত আৰু গ্রন্থ বিক্রেতা বুক নুক কাফেৰ সহযোগত নগাঁৱৰ শ্বহীদ ভৱনত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই গ্ৰন্থমেলাৰ । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্য অকাডেমি বঁটা প্ৰাপক সাহিত্যিক ডা° অপূর্ব কুমাৰ শইকীয়া, বিধায়ক ৰূপক শৰ্মা, বিশিষ্ট সাহিত্য সমালোচক প্রভাত বৰা, চিত্ৰ শিল্পী সমীৰণ বৰুৱাৰ লগতে বিশিষ্ট কবি ড৹ বিপুলজ্যোতি শইকীয়া ।
এই অনুষ্ঠানতেই সমীৰণ বৰুৱাই ‘‘ছবি, সাহিত্য আৰু মোৰ অভিজ্ঞতা’’ ,ড ° বিপুলজ্যোতি শইকীয়াই ‘‘বিজ্ঞান, কবিতা আৰু মোৰ অভিজ্ঞতা’’ শীর্ষক দুটি চমু ভাষণ প্রদান কৰে । ইয়াৰ লগতে অনুষ্ঠানটিত সাহিত্য অকাডেমি বঁটা প্ৰাপক সাহিত্যিক ডাঃ অপূৰ্ব কুমাৰ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Sahitya Accademy Awardee Dr Apurba kumar Saikia) ।
উল্লেখ্য যে, মঙলবাৰৰ দিনটোত ‘কিতাপ লেখক পঢ়ুৱৈৰ আড্ডা’ এই অনুষ্ঠানত অসম প্ৰকাশন পৰিষদ বঁটা প্রাপক ঔপন্যাসিক নন্দিতা দেৱী, গল্পকাৰ অনামিকা বৰা, সিদ্ধার্থ শংকৰ বেজবৰুৱাৰ লগতে নগাঁৱৰ কেইগৰাকীমান বিশিষ্ট অধ্যাপক-অধ্যাপিকা আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্রহণ কৰে ।
লগতে পঢ়ক : Assam Book Fair in Guwahati : প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰীৰে ইতিহাস ৰচিলে অসম গ্ৰন্থ মেলাই