ETV Bharat / state

Controversial lawyer expelled: জামিন পালেও বিপদে লগ এৰা নাই অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানক

author img

By

Published : Aug 11, 2022, 7:31 PM IST

এগৰাকী মেধাৱী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাত নাম সাঙোৰ খোৱা এজন অধিবক্তাৰ লগ নেৰা হৈছে বিপদে(Advocate arrested in student suicide case) । অধিবক্তাগৰাকীয়ে জেইলৰ পৰা জামিন পোৱাৰ পাছতেই বহিস্কৃত হ'ল নগাঁও উকীল সন্থাৰ পৰা ।

nagaon bar association press meet
জেইলৰ পৰা বেইল পালেও বিপদে এৰা নাই অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানক

নগাঁও,১১ আগষ্ট: নগাঁৱৰ ৰূপহীহাটৰ এগৰাকী মেধাৱী ছাত্ৰীৰ আত্মহত্যাৰ বিতৰ্কত নাম সাঙোৰ খাই পৰাৰ পিছত বিতৰ্কই লগ এৰা নাই নগাঁৱৰ এগৰাকী অধিবক্তাক(Advocate arrested in student suicide case) । নগাঁৱৰ কচুৱাৰ বাসিন্দা তথা অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানক নগাঁও উকীল সন্থাৰ আজীৱন সদস্য পদৰ পৰা বহিস্কাৰ কৰে উকীল সন্থাই । বৃহস্পতিবাৰে নগাঁও উকীল সন্থাই এক সংবাদমেলৰ আয়োজন কৰি অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানক বহিস্কাৰ কৰা সন্দৰ্ভত অৱগত কৰে নগাঁও উকীল সন্থাৰ সভাপতি আবুল হাচেম খন্দকাৰে ।

সংবাদমেলত সভাপতি আবুল হাচেম খন্দকাৰে উল্লেখ কৰা অনুসৰি ২০২০ চনত নগাঁৱৰ ৰূপহীহাটৰ এগৰাকী মেধাৱী ছাত্ৰীৰ আত্মহত্যাত নাম সাঙোৰ খাই পৰিছিল নগাঁও উকীল সন্থাৰ সেই সময়ৰ অস্থায়ী সদস্য হুছেইন মহম্মদ ৰিজোৱান । মেধাৱী ছাত্ৰীগৰাকীক বিয়া কৰোৱাৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক কৰা ৰিজোৱানে পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীক ভাবুকি প্ৰদান কৰাৰ বাবেই ছাত্ৰীগৰাকী আত্মহত্যা কৰা বুলি উত্থাপন হৈছিল অভিযোগ ।

ঘটনাসন্দৰ্ভত অধিবক্তা ৰিজোৱানৰ বিৰুদ্ধে ছাত্ৰীগৰাকীৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জেল হাজোতলৈ । ৰূপহীহাট আৰক্ষী থানাত ৪৮২/২০ নম্বৰত ৰুজু হোৱা গোচৰ সম্প্ৰতি বিচাৰাধীন হৈ আছে আদালতত । কিন্তু গ্ৰেপ্তাৰ হোৱাৰ পিছতেই নগাঁও উকীল সন্থাই নিলম্বন কৰা অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানক শেহতীয়াকৈ নগাঁও উকীল সন্থাৰ আজীৱন সদস্য পদৰ পৰা বহিস্কাৰ কৰে । ইফালে অধিবক্তা ৰিজোৱানক কোনো জাননী নিদিয়াকৈয়ে বহিস্কাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বহিস্কৃত অধিবক্তা হুছেইন মহম্মদ ৰিজোৱানে ।

লগতে পঢ়ক: Azadi ka Amrit Mahotsav: অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জীৱন আৰু কীৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.