নগাঁও, ২২ অক্টোবৰ: কৰ'ণা সৃষ্ট পৰিৱেশে এইবাৰ ম্লান পেলাইছে দুৰ্গা পূজাৰ আনন্দ-উলাহ। দীৰ্ঘদিন ধৰি অব্যাহত থকা লকডাউনে আৰ্থিকভাৱে জুৰুলা কৰিছে বহু পৰিয়ালক। সংকটৰ সময়ত দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে নগাঁৱৰ হিন্দু মিলন মন্দিৰ পূজা সমিতিয়ে।
![নগাঁৱত দুৰ্গা পূজা উপলক্ষে বিনামূলীয়া কাপোৰ বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-803-22octbr-puja-commitee-distributed-clith-visbite-7203828_22102020162525_2210f_01910_206.jpg)
উত্সৱৰ বতৰত পূজা সমিতিখনে নগাঁও আৰু মৰিগাঁও জিলাৰ ১৫০০ৰো অধিক পৰিয়ালৰ মাজত বিনামূলীয়াকৈ কাপোৰ বিতৰণ কৰে। হিন্দু মিলন মন্দিৰ পূজা সমিতিৰ এই পদক্ষেপে হাঁহি বিৰিঙাইছে দৰিদ্ৰ পৰিয়ালসমূহৰ মুখত।
![নগাঁৱত দুৰ্গা পূজা উপলক্ষে বিনামূলীয়া কাপোৰ বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-804-22octbr-cloth-distributed-by-puja-commitee-7203829_22102020163014_2210f_1603364414_65.jpg)
নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ পৰিয়ালৰ মাজত নতুন কাপোৰ বিতৰণ কৰে পূজা সমিতিখনে। মৰিগাঁৱৰ ভূৰাগাওঁ, নগাঁৱৰ গড়াজানৰ লগতে নগাঁও চহৰতো বিতৰণ কৰিছে বিনামূলীয়া কাপোৰ।
![নগাঁৱত দুৰ্গা পূজা উপলক্ষে বিনামূলীয়া কাপোৰ বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-804-22octbr-cloth-distributed-by-puja-commitee-7203829_22102020163014_2210f_1603364414_227.jpg)
লগতে পঢ়ক:বাক্সাত বিটিচি নিৰ্বাচনৰ ৰণডংকাঃ ইউপিপিএল প্ৰাৰ্থীৰ পদযাত্ৰা